জয়সাগৰঃ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ তৈলক্ষেত্ৰ অৱৰোধ কাৰ্যসূচী দ্বিতীয় দিনাও অব্যাহত আছে৷
অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ প্ৰতিবাদত টাই আহোম যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে কালিৰে পৰা গ্ৰহণ কৰিছিল এই অৱৰোধ কাৰ্যসূচী।
অনিৰ্দিষ্টকালীন অএনজিচিৰ তৈলক্ষেত্ৰৰ খনন তথা উৎপাদনস্থলী অৱৰোধ কাৰ্যসূচী আজি দ্বিতীয় দিনাও অব্যাহত ৰাখে সংগঠনটোৱে।
আজি সংগঠনটোৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামুলীৰ নেতৃত্বত এটি দলে জিলাখনৰ তৈলক্ষেত্ৰসমূহ অৱৰোধ কৰে৷
সভাপতি দিগন্ত তামুলীয়ে কাৰ্যসূচীত সহযোগ কৰা সৰ্তীথসকলক ধন্যবাদ জনাই তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্য্যন্ত এই অৱৰোধ কাৰ্যসূচী চলি থাকিব বুলি স্পষ্ট কৰি দিয়ে।