ডিজিটেল ডেস্কঃ প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসকীয় দল বিজেপিয়ে।
বিজেপিয়ে জাঙুৰ খাই উঠি প্ৰধানমন্ত্ৰীক কৰা সমালোচনাক কঠোৰ ভাষাৰে বিৰোধিতা কৰে।কংগ্ৰেছৰ বিৰুদ্ধে দুখীয়া আৰু উচ্চকাংক্ষী ভাৰতীয়ক অপমান কৰা বুলি গুৰুতৰ অভিযোগ কৰে৷
বিজেপিয়ে টুইটাৰ যোগে কয় যে, কংগ্ৰেছে সৎপথেৰে উপাৰ্জন কৰা সকলক ভিক্ষাৰীৰ সৈতে তুলনা কৰি দৰিদ্ৰক অপমান কৰিছে৷ উল্লেখ্য, পি চিদাম্বৰমে প্ৰধানমন্ত্ৰীক উদ্দেশ্য কৰি এটি টুইটত কয় যে, যদি পকৰা বিক্ৰি কৰাটো চাকৰী হয়, তেতিয়াহলে ভিক্ষা কৰা কামটো বিকল্প হিচাপে লব লাগে৷
জানিব পৰা মতে, প্ৰধানমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটি সাক্ষাৎকাৰত কয় যে, এজন মানুহে পকৰী বিক্ৰী কৰি নিশা ২০০ টকা ঘৰলৈ লৈ যায় তেন্তে সেয়া উপাৰ্জন কৰা বুলি ধৰিব পাৰি নে নাই ?
প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই ব্যাপক চৰ্চা আৰম্ভ হয়। এনে সময়তে প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে মোডীক উভতি ধৰি যদি পকৰা বিক্ৰি কৰাটো চাকৰী হয়, তেতিয়াহলে ভিক্ষা কৰা কামটো বিকল্প হিচাপে লব লাগে বুলি কৈছিল।