গুৱাহাটীঃ নতুন মোৰ ল’লে গুৱাহাটীৰ এম পি জুৱেলাৰ্ছৰ লোমহৰ্ষক ডকাইতিয়ে। যোৱা ৮ মে’ৰ ফুট গধূলিতে এটা চাৰিজনীয়া দলে সংঘটিত কৰা এই ডকাইটি সংক্ৰান্তত জেৰা কৰাৰ পাছত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ মাফিয়া তথা ৰাজহ চোৰাংচোৱা বিষয়া তৰণ দত্ত হত্যাৰ নায়ক চামচুল হক তালুকদাৰ ওৰফে পাখি মিঞাক।

পূৰ্বৰ এক গোচৰত মহানগৰ আৰক্ষীয়ে আজি তেওঁক গ্ৰেপ্তাৰ কৰে৷ শুকুৰবাৰে ভঙাগড় আৰক্ষীয়ে এম পি জুৱেলাৰীৰ ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰি জেৰা কৰি আছিল পাখি মিঞাক৷ এম পি জুৱেলাৰীৰ ডকাইতি কাণ্ডত অস্ত্ৰ যোগান ধৰাৰ সন্দেহত আৰক্ষীয়ে আটক কৰি তদন্ত চলাই থকাৰ মাজতে আজি পূৰ্বৰ ড্ৰাগছ সৰবৰাহৰ এক গোচৰত তেওঁক বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷

শুকুৰবাৰে হোজাই জিলাৰ মোৰাঝাৰৰ নিজ গৃহৰ পৰা আটক কৰি মহানগৰ আৰক্ষীয়ে মিঞাক গুৱাহাটীলৈ লৈ আনে৷ অৱশ্যে তেওঁ এম পি জুৱেলাৰীৰ ডকাইতি কাণ্ডত অস্ত্ৰ যোগান ধৰাৰ কথা জেৰাত স্বীকাৰ কৰা নাই বুলি এক শীৰ্ষ আৰক্ষী সূত্ৰই জনাইছে। ভূমি বেদখল, গাঞ্জা-ড্ৰাগছ সৰবৰাহ, আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন আদিকে ধৰি পাখি মিঞাৰ বিৰুদ্ধে ৰাজ্যৰ একাধিক আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে৷

২০০৮ত মহানগৰীৰ গড়চুকৰ পৰা গাঞ্জাভৰ্তি ট্ৰাক উদ্ধাৰৰ পিছতে উক্ত ট্ৰাকখন পাখি মিঞাই আৰক্ষীৰ ভয়ত এৰি যোৱা বুলি সন্দেহ কৰি পাখি মিঞাক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে৷ পাখি মিঞাই আৰক্ষাৰ জিম্মাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা গ্ৰহণ কৰি থকাৰ পৰাই আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰিছিল৷

অসম আৰক্ষীয়ে ২০০৮ বৰ্ষত পাখি মিঞাক পশ্চিমবংগৰ জলপাইগুৰিৰ পৰা আটক কৰি জে’ললৈ প্ৰেৰণ কৰিছিল যদিও ২০১৪ ত তেওঁ জামিনত মুক্তি লাভ কৰে৷ আজি পাখিক আটক কৰি বশিষ্ঠ থানালৈ অনাৰ পিছতে তেওঁৰ পত্নী আৰু কন্যা থানাত উপস্থিত হয়৷ পাখি মিঞাৰ কন্যা ৰেজিয়া খাতুনে আচল খলনায়কক বচাবলৈ আৰক্ষীয়ে তেওঁৰ পিতৃক লৈ ষড়যন্ত্ৰ কৰা বুলি কৈ কোন সঁচা কোন মিছা সময়ত সকলোৱে গম পাব বুলি দাবী কৰে৷

আনহাতে, আৰক্ষীয়ে নিজক ৰক্ষাৰ বাবে তেওঁক আটক কৰা বুলি খাতুনে মন্তব্য কৰে৷ পাছত আৰক্ষীয়ে আজি বিয়লি চাৰি বজাত পাখি মিঞাক কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ লক্ষ্যণীয়ভাৱে এই ডকাইতিৰ ঘটনাত এম পি জুৱেলাৰ্ছৰ ফ্ৰেনচাইজী তথা বিজেপি নেতা জিতু গোস্বামীৰ ভূমিকাও সন্দেহজনক বুলি এক শীৰ্ষ আৰক্ষী সূত্ৰই জানিবলৈ দিছে।