newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ এবাৰ যুদ্ধ বিৰতি নীতি উলংঘন কৰিছে পাকিস্তানে৷ জন্মু-কাশ্মীৰত ৰমজান মাহ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ ভিতৰত যুদ্ধ বিৰতীৰ নিৰ্দেশ দিয়াৰ লগতে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানকো যুদ্ধ বিৰতিৰ বাবে আবেদন জনাইছিল৷

পাকিস্তান চৰকাৰে এই আবেদন স্বীকাৰ কৰি লোৱাৰ পিছতো বিগত প্ৰায় ডেৰ মাহত পাকিস্তানী সেনাই বাৰে বাৰে ভাৰতীয় জোৱানক আৰু এলঅ’চিৰ সীমা কাষৰীয়া অঞ্চলসমূহলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰি আহিছে৷ যাৰ ফলত কেইবাজনো ভাৰতীয় সেনা নিহত হোৱাৰ লগতে কেইবাগৰাকীও নিৰীহ লোক নিহত হৈছে৷

শনিবাৰে নিশাও পাকিস্তানী সেনাই গুলি বৰ্ষণ কৰে৷ যাৰ ফলত দুগৰাকী ভাৰতীয় জোৱান নিহত হয় আৰু ৩ গৰাকী সাধাৰণ নাহৰিক আহত হয়৷ জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১ বজাত অখনুৰ চেক্টৰৰ পৰগৱালা বজাৰলৈ লক্ষ্য কৰি পাকিস্তানী সেনাই গুলি বৰ্ষণ কৰে৷ পাক সেনাৰ গুলিত বিএছএফৰ দুগৰাকী সেনা গুৰুতৰ ভাৱে আহত হয়৷ আহত সেনা দুগৰাকীক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত দুয়োৰে মৃত্যু ঘটে৷

শ্বহীদ জোৱান দুগৰাকীৰ নাম এএছআই সত্য নাৰায়ণ যাদৱ আৰু কনিষ্টবল বিজয় কুমাৰ পাণ্ডে বুলি জানিব পৰা গৈছে৷ 

ইফালে পাক সেনাৰ অতৰ্কিত আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাইও৷ দেওবাৰে পুৱাৰ ভাগলৈ কাশ্মীৰৰ অখনুৰ চেক্টৰত পাক-ভাৰতীয় সেনাৰ সংঘৰ্ষ অব্যাহত আছে৷ যাৰ ফলত অঞ্চলটোত আতংকই বিৰাজ কৰিছে৷ ভাৰতীয় সেনাই অঞ্চলটোৰ বাসিন্দাসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে৷

উল্লেখ্য যে, ২৯ মে’ত পাকিস্তানৰ ডিজিএমঅ’ই ভাৰতৰ ডিজিএমঅ’ৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমাত ২০১৩ চনৰ চুক্তি অনুসৰি সংঘৰ্ষ বিৰতীৰ ইচ্ছা প্ৰকাশ কৰিছিল৷ বিশেষ হটলাইনত হোৱা বাৰ্তালাপত কামাণ্ডাৰ দুগৰাকীয়ে নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি) আৰু আন্তৰাষ্ট্ৰীয় সীমাৰ বৰ্তমান স্থিতিৰ সম্পৰ্কে সমীক্ষা প্ৰদান কৰিছিল৷ এই বাৰ্তালাপৰ পিছত পাকিস্তান আৰু ভাৰতৰ মাজত যুদ্ধ বিৰতিৰ সহমত ব্যক্ত হৈছিল৷