newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে শনিবাৰে পালন কৰিছে পবিত্ৰ ঈদ-উল-ফিৎৰ৷ যাৰ বাবে মুছলমান লোকসকলৰ মাজত ব্যাপক উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে৷ পুৱাই ঈদ দৰগাহত নামাজ আদায় কৰি সকলোৱে প্ৰেম আৰু ভাতৃত্ববোধৰ দোৱা বিচৰা পৰিলক্ষিত হৈছে৷ কিন্তু ঈদৰ এই পবিত্ৰ ক্ষণতো নিজৰ নিকৃষ্ট চৰিত্ৰ লুকাই ৰাখিব নোৱাৰিলে ইছলাম ৰাজ্য হিচাপে পৰিচিত পাকিস্তানে৷
জম্মু-কাশ্মীৰত ঈদৰ আনন্দই সকলোৰে ওঁঠত হাঁহি বিৰিঙোৱাৰ মাজতে যুদ্ধ বিৰতী নীতি উলংঘন কৰি পুনৰ ভাৰতীয় সেনালৈ আক্ৰমণ চলায় পাকিস্তানী সেনাই৷ শনিবাৰে এলঅচিৰ নৌচেৰা আৰু আৰ্ণিয়া চেক্টৰত পাক সেনাই কৰা গুলিবৰ্ষণত এগৰাকী ভাৰতীয় সেনা নিহত হয়৷
সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, শনিবাৰে পুৱাৰে পৰা পাক সেনাই নিয়ন্ত্ৰণ ৰেখাত গুলিচালনা কৰে৷ পাক সেনাৰ এই দুস্কাৰ্য এতিয়াও অব্যাহত আছে বুলি জানিবলৈ দিয়ে ভাৰতীয় সেনাই৷ পাক সেনাৰ গুলি বৰ্ষণত বিকাশ গুৰুং নামৰ এগৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হয়৷ ভাৰতীয় সেনাই পাকিস্তানী আক্ৰমণৰ প্ৰত্যুত্তৰ দি আছে বুলি জানিব পৰা গৈছে৷
বাৰে বাৰে পাকিস্তানে যুদ্ধ বিৰতী নীতি উলংঘন কৰাৰ ফলত দুয়োখন দেশৰ মাজৰ সম্বন্ধত খুঁট সৃষ্টি হৈছে৷ যাৰ ফলত পবিত্ৰ ঈদ উপলক্ষে ভাৰতীয় সেনাই এইবাৰ পাক সেনাক মিঠাই দি শুভেচ্ছা জনোৱা নাই বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, ঈদ আৰু দিপাৱলীৰ সময়ত অতাৰী-বাঘা সীমান্তত দুয়োখন দেশৰ সেনাই মিঠাই বিলাই ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰা ৰীতি পূৰ্বৰে পৰা চলি আহিছে৷
ইফালে, জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰত ভাৰতীয় জোৱানে দুজন সন্দেহযুক্ত পাকিস্তানী নাগৰিকক আটক কৰে৷ আটকাধীন পাকিস্তানী নাগৰিক দুজনৰ বয়স এজনৰ ৩১ বছৰ আৰু আনজনৰ ২২ বছৰ বুলি জানিব পৰা গৈছে৷
ভাৰতীয় সেনা জোৱানে ঈদৰ সময়ত কাশ্মীৰত কেনেদেৰে প্ৰৱেশ কৰিলে সেয়া জানিবলৈ ধৃত পাকিস্তানী দুজনক সোধপোছ চলাই আছে৷