♦ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান শান্তনু নন্দন শৰ্মাক

গুৱাহাটীঃ ৰাষ্ট্ৰযন্ত্ৰক কলমৰদ্বাৰা প্ৰত্যাহবান জনোৱা সাংবাদিক আঙুলিৰ মূৰত গণিব পৰা। জাতিক অন্তৰৰ নিভৃত কোণৰপৰা ভাল পোৱাজনেহে নিজৰ জীৱনক বাজিত ৰাখি ৰাষ্ট্ৰযন্ত্ৰৰ দোষ-ত্ৰুটিসমূহ আঙুলীয়াই দিব পাৰে। এনে এজন অসম মাতৃৰ সু-সন্তান আছিল পৰাগ কুমাৰ দাস। তেওঁ নৱ-প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস।

আজি এইগৰাকী নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কর্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ  ৫৯ সংখ্যক জন্মদিন। বিগত বর্ষৰ দৰে এইবাৰো পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই প্ৰয়াত সাংবাদিকগৰাকীৰ জন্মদিন পালন কৰে। 

গুৱাহাটী উজানবজাৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰত বিশিষ্ট সাংবাদিকগৰাকীৰ জন্মদিন উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত সাংবাদিক তথা মানৱ অধিকাৰ কর্মীগৰাকীৰ একালৰ সতীৰ্থ, বহু বিশিষ্ট ব্যক্তি, পৰিয়ালৰ সদস্যসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি। সকলোৱে প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপৰ্ণ কৰি জন্ম দিনৰ শ্রদ্ধা জনাই নিৰ্ভীক সাংবাদিকগৰাকীক।

আনহাতে বিগত ন বছৰৰ দৰে এইবাৰো নিৰ্ভীক সাংবাদিক গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা, ২০১৯। পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই নিৰ্ভীক সাংবাদিক গৰাকীৰ স্মৃতিত দশম বর্ষৰ এই বঁটা প্ৰদান কৰে অসম সন্তান তথা ‘দ্য ইকনমিক টাইমছ’ জ্যেষ্ঠ সম্পাদক শান্তনু নন্দন শৰ্মাক।

জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় কাকত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমাজখনক কলমৰ মাধ্যমেৰে শক্তিশালীভাৱে তুলি ধৰাৰ লগতে সাংবাদিকতা জগতখনত পৰাগ কুমাৰ দাসৰ আদর্শৰে আগবাঢ়ি যোৱা বাবে এই বঁটা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই।

বঁটা আছে এখন সম্বৰ্ধনা পত্ৰ, এটা স্মাৰক আৰু ২৫ হাজাৰ টকা। বঁটা প্ৰদান কৰে পৰাগ কুমাৰ দাসৰ একালৰ সতীৰ্থ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই।

বঁটা প্ৰদান কৰি ভূঞাই পৰাগ কুমাৰ দাসৰ সন্দৰ্ভত কিছু মন্তব্য দাঙি ধৰে। তেওঁ কয় যেতিয়ালৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতিৰ অস্তিত্ব ৰক্ষা নপৰিব সেই দিনালৈকে পৰাগ কুমাৰ দাসৰ গুৰুত্ব আমাৰ সমাজত আছিল, আছে আৰু থাকিব। লগতে কয় নিৰ্ভীক সাংবাদিকগৰাকীৰ স্মৃতিত প্ৰদান কৰা এই বঁটাই নৱ প্ৰজন্মৰ সাংবাদিকসকলক উৎসাহিত কৰিব।

আনহাতে পৰাগ কুমাৰ দাসক সোঁৱৰণ কৰি কয় তেওঁ স্বতন্ত্ৰমনা আৰু স্বাধীনচিতীয়া কেইজনমান ডেকা ল’ৰাক লৈ অসম সংবাদ জগত নতুন ধাৰা সূচনা কৰিছিল ‘বুধবাৰ’ৰ জৰিয়তে। সমগ্ৰ ৰাষ্ট্ৰযন্ত্ৰক কলমৰ শক্তিৰে কঁপনি তুলিছিল তেওঁ। যাৰ বাবে তেওঁক ৰাষ্ট্ৰযন্ত্ৰই ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছিল।

আনহাতে এই অনুষ্ঠানত ২০১৯ বৰ্ষ সাংবাদিকতা বঁটা গ্ৰহণ কৰি শান্তনু নন্দন শৰ্মাই কয় এই বঁটাই তেওঁক যিদৰে প্ৰেৰণা দিব ঠিক একেদৰে দায়িত্বও বৃদ্ধি কৰিব৷ লগতে এই বঁটা তেওঁ তেওঁৰ পিতৃ-মাতৃ, পঢ়ুৱৈ সমাজ তথা সংবাদ আহৰণৰ দিশত যিসকল ব্যক্তিয়ে সহায় কৰি আহিছে তেওঁলোকৰ নামত অৰ্পণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ বঁটা গ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালা ‘কাঞ্চনজংঘাৰ বুৰঞ্জী’ কবিতাটোৰ দুটা শাৰী আবৃত্তি কৰে।

উল্লেখ যে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই নিৰ্ভীক সাংবাদিকগৰাকীৰ বিষয়ে নৱ-প্ৰজন্মৰ আগত তুলি ধৰাৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠানতে আয়োজন কৰে এক স্মাৰক বক্তৃতা। উক্ত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ প্ৰবক্তা তথা যুৱ লেখক ডক্টৰ উদ্দীপন দত্তই।

ইফালে, এই বঁটা প্ৰদান অনুষ্ঠানৰ সভাপতিত্ব কৰে ডক্টৰ শিৱ নাথ বৰ্মন, উপস্থিত থাকে পৰাগ কুমাৰ দাসৰ জ্যেষ্ঠ ভাতৃ জ্যোতিকুমাৰ দাস।