বাহকাবাৰীঃ অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ জৰাবাৰী মৌজাৰ একমাত্র পশু চিকিৎসা আৰু প্ৰজনন কেন্দ্ৰটো বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থকাৰ ফলত বৰ্তমান বাংলালৈ পৰিৱৰ্তিত হৈছে। বগলাজানৰ পশু চিকিৎসা উপকেন্দ্ৰটো আজিৰ পৰা ২০ বছৰ ধৰি এইদৰেই পৰি আছে।
বিকাশৰ শ্লোগান দিয়া কংগ্ৰেছ চৰকাৰৰ দিনত বহু ৰাজহুৱা আপত্তি কৰিও সুফল পোৱা নগ’ল। ইয়াৰ উপৰিও চিকিৎসা খনৰ ভিতৰত থকা সম্পত্তিবোৰৰ লগতে প্ৰৱেশ দ্বাৰৰ গেট পৰ্যন্ত হৰলুকী হোৱাত ৰাইজ চিন্তিত হৈ পৰিছে।
কৰ্মচাৰী থকা স্বত্বেও চিকিৎসালয়খনে এনে ৰূপ লোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে। এই পশু চিকিৎসা কেন্দ্ৰটোৰ শোচনীয় অৱস্থাৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে। পৰিৱৰ্তনকামী চৰকাৰে পৰিৱৰ্তনৰ লক্ষ্যৰে শাসন ভাৰ লোৱা বিজেপি চৰকাৰে জৰাবাৰী মৌজাৰ এক মাত্র বগলাজান পশু চিকিৎসা উপকেন্দ্ৰটো কাৰ্যক্ষম কৰিবলৈ ৰাইজে দাবী জনাইছে।