গুৱাহাটীঃ স্বতন্ত্ৰ ফিজিঅ’থেৰাপি গঠনৰ দাবীত দেওবাৰৰ পৰা নতুন দিল্লীৰ যন্তৰ মন্তৰত আৰম্ভ হৈছে প্ৰতিবাদ৷ ইণ্ডিয়ান এছোচিয়েছনৰ অৱ ফিজিঅ’থেৰাপিষ্টৰ সভাপতি ডাঃ উমাশংকৰ মহান্তিয়ে অামৰণ অনশনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি স্বতন্ত্ৰ ফিজিঅ’থেৰাপি গঠনৰ দাবী জনায়। 

অাসাম ফিজিঅ’থেৰাপি এছোচিয়েছন চমুকৈ অাপা অাৰু ইণ্ডিয়ান এছোচিয়েছন অৱ ফিজিঅ’থেৰাপিষ্টৰ অসম শাখাই নতুন দিল্লীৰ যন্তৰ মন্তৰত মহান্তিয়ে কৰা অনশনক পুৰ্ণ সমৰ্থন আগবঢ়ায়৷ 

সংগঠন দুটাই মহান্তিৰ অনশনৰ প্ৰতি সমৰ্থন জনাই মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত এক শান্তি সমদল উলিয়াই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। 

কেন্দ্ৰীয় অাৰু ৰাজ্যিক ফিজিঅ’থেৰাপি পৰিষদ গঠনৰ দাবীত সমদল উলিওৱা সমদলৰ অন্তত দীঘলীপুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে সংগঠন দুটাই। অসমৰ বিভিন্ন প্ৰান্তৰ ফিজিঅ’থেৰাপিষ্ট অাৰু ফিজিঅ’থেৰাপি বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে এই সমদলত যোগাদান কৰে।