মৰিগাঁওঃ চিকিৎসালয়ত গাহৰি ফাৰ্ম। শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই বাস্তৱ। সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিজৰ টীকাকৰণৰ লগতে সজাগতামূলক অভিযান চলি থকাৰ সময়তে এখন বিশেষ চিকিৎসালয়ত স্থাপন কৰা হৈছে কেবাখনো গাহৰি ফাৰ্ম। ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে গাহৰি ফাৰ্ম খোলা এই চিকিৎসালয়খন হৈছে মৰিগাওঁ অসামৰিক চিকিৎসালয়।
বানে গৰকা মৰিগাওঁ জিলাবাসীৰ বাবে স্বাস্থ্য সেৱাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চিকিৎসালয়খনৰ চৌহদতে চিকিৎসালয়খনৰে একাংশ কৰ্মচাৰীয়ে জাপানীজ এনকেফেলাইটিজ ৰোগৰ অন্যতম বাহক গাহৰি ফাৰ্ম নিৰ্বিঘ্নে চলাই থকা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে, চিকিৎসালয়খনৰ একাংশ চাফাই কৰ্মীয়ে দীৰ্ঘ দিন ধৰি চিকিৎসালয় চৌহদতে কেইবাখনো গাহৰি ফাৰ্ম খুলি ব্যৱসায় চলাই আহিছে। সচেতনমহলে এই ফাৰ্ম কেইখন উঠাই দিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক দাবী জনাই আহিছে যদিও চিকিৎসালয় কৰ্তৃপক্ষই এই বিষয়টোত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰা দেখা গৈছে।
উল্লেখ্য যে, চিকিৎসালয়খনৰ যি স্থানত এই ফাৰ্ম কেইখন খোলা হৈছে, তাৰ কাষতে আছে যক্ষ্মা কেন্দ্ৰ, শিশু কেন্দ্ৰ আৰু একাংশ চিকিৎসাকৰ্মীৰ আৱাসগৃহ। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰতৰ শ্ল’গান দি থকাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্তৰ স্বাস্থ্য বিভাগে এনেদৰে চিকিৎসালয় চৌহদতে গাহৰি ফাৰ্ম খুলিবলৈ সুবিধা দিয়া ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
লক্ষণীয় কথা এয়ে যে, বৰ্তমান চিকিৎসালয়খনত জাপানীজ এনকেফেলাইটিজৰ প্ৰতিৰোধৰ বাবে টীকাকৰণ চলি আছে। গাহৰি এই ৰোগৰ অন্যতম কাৰক হোৱা বাবেই চকৰকাৰে শেহতীয়াকে বিজ্ঞাপন দি ৰাইজক ইয়াৰ পৰা আতৰত থাকিবলৈ আহ্বান জনাইছে।
তেনে সময়তে চিকিৎসালয় খনত একে সময়তে জাপানীজ এনকেফেলাইটিজৰ টীকাকৰণ অভিযানৰ সমান্তৰালকৈ ইয়াৰ চৌহদতেই একাংশ কৰ্মচাৰীয়ে গাহৰি ফাৰ্ম খুলি ব্যৱসায় চলাই থকা ঘটনাই জনতাক ক্ষুদ্ধ কৰি তুলিছে।
আনহাতে চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত অমনোযোগিতা, অকৰ্মণ্যতাৰ বাবে চিকিৎসালয়খনত দীৰ্ঘ দিন ধৰি অৰাজক পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে একাংশ চিকিৎসকৰ ধনৰ প্ৰতি থকা অতি লোভক লৈ চিকিৎসালয়খনৰ ভিতৰে-বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।