ডিজিটেল ডেস্কঃ বিমানৰ টয়লেটত এক ভয়াবহ বাৰ্তা লিখা প্ৰত্যক্ষ কৰিলে এগৰাকী বিমান সেৱিকাই। লিখা আছিল ‘বিস্ফোৰণৰ লগতে হাইজেকিং কৰা হ’ব বিমান খন, বিমানখন যদি পাক অধিকৃত কাশ্মীৰৰ দিশে নিয়া নহয় তেতিয়াহ’লে বিমানখন বিস্ফোৰণ ঘটোৱা হ’ব।’ সময় নষ্ট নকৰি ততাতৈয়াকৈ পাইলটক খবৰ দিয়ে সেৱিকাগৰাকীয়ে৷

জেট এয়াৰৱেজেৰ মুম্বাই পৰা দিল্লী অভিমুখী বিমানখন অপহৰণৰ সম্ভাৱনা আছিল। হাইজেক কৰি বিমানখন বিস্ফোৰণ ঘটোৱা হ’ব বুলি বার্তা দিয়া হৈছিল৷ সময় নষ্ট নকৰি লগে লগে এয়াৰ ট্রেফিক কনট্রোলাৰৰ লগত যোগাযোগ কৰে 9W339- বিমানখনৰ চালকজনে।

সোমবাৰে ৰাতি ৩ বাজি ৪৫ মিনিটত আহমেদাবাদ বিমান বন্দৰত জৰুৰি অৱতৰণ কৰায় বিমানখন। যাত্রীসকলক বিতংভাবে একো নজনালেও নিৰাপত্তা জনিত কাৰণত বিমানৰ জৰুৰি অৱতৰণ কৰা বুলি কয়।  আহমেদাবাদত বিমানৰ পৰা যাত্ৰী নমাই তন্নতন্নকৈ তালাচী চলোৱা হয়। বিমান খনত বিপদজ্জনক একো পোৱা নায়ায় গতিকে এয়া কোনো লোকে মাথো আতংকিত কৰিবৰ বাবে কৰা বুলি অনুমান কৰে।

 উৰহিৰ ওৰ ওলোৱাতহে আচৰিত হৈ পৰে সকলো । আৰক্ষীয়ে সকলোকে সোধপোচ কৰোতেহে গম পোৱা যায় প্ৰকৃত কাৰণ। পাগল প্ৰেমিকৰ পাগল কাণ্ডই সকলোকে আচৰিত কৰিলে। বিমান সেবিকাৰ প্ৰেমত পৰা এগৰাকী যাত্রীয়ে সংঘটিত কৰে এই কাণ্ড। পিছত নিজেই নিজৰ ভূলৰ কথা স্বীকাৰ বিজনেচ ক্লাচৰ 1A আসনৰ যাত্রীগৰাকীয়ে। বিমান খনৰ টয়লেটত ইংৰাজি তথা ঊর্দুত লিখা আছিল সকলোকে শংকিত কৰা সেই বাক্য শাৰী। পিছত পুনৰাই দিল্লীলৈ উৰা মাৰে বিমানখন।