ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৰ্বৰ দৰেই সেনাবাহিনীৰ সৈতে পালন কৰিলে দীপাৱলী৷ উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা কিছু নিলগত গুৰেজ ছেক্টৰত সেনা বাহিনীৰ সৈতে দীপাৱলীৰ দিনটো কটাই মোডীয়ে৷ সেনাৰ পোছাক পিন্ধি সেনা প্ৰধান বিপিন ৰাওৱাট, লেফটেন্টেট জেনেৰেল দেৱৰাজ অনবু আৰু জেএস সান্ধুৰ উপস্থিতিত সময় পাৰ কৰে সেনা বাহিনীৰ জোৱানসকলৰ সৈতে মোডীয়ে৷
জোৱান-উচ্চপদস্থ বিষয়াৰ সৈতে বিশেষ অনুষ্ঠানত মোডীয়ে অংশ গ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা দেশৰ সেনাৰ সৈতে দীপাৱলী উদযাপন কৰি আহিছে মোডীয়ে৷ এই বছৰেও পালন কৰিলে সেনাৰ জোৱানসকলৰ সৈতে৷ প্ৰধানমন্ত্ৰী হৈয়ে মোডীয়ে গৈছিল ছিয়াচিন৷ তাৰ পিছ গৈছিল পঞ্জাৱৰ অমৃতসৰ এলেকাত৷ ২০১৬ চনত মোডীয়ে গৈছিল হিমাচল প্ৰদেশৰ চীন-ভাৰতৰ দুৰ্গম এলেকাত৷
এইবছৰ দীপাৱলী পালন কৰিলে কাশ্মীৰত৷ বৃহস্পতিবাৰে পুৱাই মোডীয়ে বিশেষ বিমানেৰে উৰা মাৰে শ্ৰীনগৰলৈ৷ শ্ৰীনগৰৰ পৰা সেনা প্ৰধান বিপিন ৰাওৱাটে মোডীক লৈ যায় গুৰেজলৈ৷ মোডীয়ে উপস্থিত হৈ দীপাৱলী পালন কৰা বান্দিপাৰা এলেকাত পাকিস্তানৰ সেনাই বহুবাৰ চুক্তি উলংঘন কৰি গুলী চালনা কৰি আহিছে৷ কাশ্মীৰৰ সেই এলেকাত ভাৰতীয় সেনা আৰু পাকিস্তানৰ সেনাৰ মাজত প্ৰায় ৬০০বাৰ গুলিয়াগুলী হৈছে৷ ১৬গৰাকী সেনাৰ জোৱান আৰু এগৰাকী সাধাৰণ লোকৰ মৃত্যু হৈছে৷ গুলীচালনাত শিশু সহ বহু লোক আহত হৈছে৷ উক্ত অঞ্চলত মোডীৰ ভ্ৰমণে সেনাৰ মনোবল নিশ্চয় বৃদ্ধি কৰিব৷