19
May
জোনাকৰ বাট বনাম
আন্ধাৰৰ বাট
✎হেমা চৌধুৰী গগৈ
শৰতৰ সন্ধিয়া এটিত জোনটোক সুধিলো
তোমাৰ জোনাক অহাৰ বাট কোনফালে
জোনে মিচিকিয়াই ক'লে ,,
যিফালে সুখে সুহুৰি মাৰে
মোৰ জোনাক সেই বাটেৰে আহে
য'ত থাকে মানুহ মানুহৰ বাবে ৰৈ
নাই হিংসা ,
নাই সাম্প্ৰদায়িকতা
থাকে মাথোঁ সত্য সুন্দৰৰ সহৱস্থান
প্ৰেম বিশ্বাস আৰু ভালপোৱা
মোৰ জোনাক সেই বাটেৰেই আহে
জোনালীৰ মাদকতাৰে ভৰা
কপাহী কোমল দলিচাৰে
মইও খুপি খুপি আগুৱাই গ'লো
মিঠা সুন্দৰ জোনাকৰ সন্ধানত
হঠাত মোৰ অজানিতে কোনোবাই মোক পিছৰপৰা টানি ধৰিলে
ঘিটমিট আন্ধাৰে মোক
চাৰিওফালে আগছি ধৰি
দাঁত বিকতাই অট্টহাস্য কৰি উঠিল
মোৰ হাতখন আচাৰি আচাৰি ক'বলৈ ধৰিলে
তই বিচৰাবোৰ এই বাটত নাই
এই বাটৰ স্থিৰশ্ৰী মই
মই ভালপাওঁ মানৱ