চামগুৰিঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই একাংশ পুঁজিপতি তথা অসাধু ব্যৱসায়ীয়ে সুযোগ বুজি নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অবৈধ ভাৱে কৰি অহা শিল খননৰ লগতে পাহাৰ খননৰ বিষয়ে বিভিন্ন সময়ত সংবাদ মাধ্যমত বহুলভাৱে বাতৰি সম্প্ৰচাৰ হৈ অহাৰ পিছত সম্প্ৰতি গা লৰিছে কাৰ্বিআংলং জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ৷
জিলাখনৰ পাৰ্কুপ, কঁঠালগুৰি, বৰজুৰি, পানীমূৰাকে আদি কৰি নগাঁও-কাৰ্বিআংলংৰ সীমান্তৱৰ্তী একাধিক অঞ্চলত আৰক্ষী আৰু বন বিভাগে আজি দিনজোৰাকৈ কৰিলে ক্ষেত্ৰ পৰিদৰ্শন। অঞ্চলটোত চলি থকা কেইবাটাও ন'-পুৰণি শিলৰ কুঁৱাৰিৰ বৰ্তমানৰ স্থিতিৰ সন্দৰ্ভত ক্ষেত্ৰ পৰিদৰ্শন কৰিলে কাৰ্বিআংলঙৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু বন সংমণ্ডল বিষয়া জগনাথ ৰংপীয়ে। দুয়োগৰাকী বিষয়াই কৰা ক্ষেত্ৰ পৰিদৰ্শন কালত চামগুৰিৰ উদমাৰীৰ সীমান্তত সন্দেহজনক ভাবে ডাঙৰ শিলৰ কঢ়িয়াই নিয়া এখন AS-25 BC-0925 নম্বৰৰ ট্ৰাক জব্দ কৰাৰ লগতে সোধা-পোচৰ বাবে দলটোৱে আটক কৰে ট্ৰাক খনৰ চালকজনক।
অৱশ্যে দলটোৱে নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ উদমাৰি উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়াৰ হাতত শিলভৰ্তি ট্ৰাকসহ চালকজনক গটাই দিয়ে। ইফালে পৰিদৰ্শনৰ অন্তত অবৈধভাৱে যদি অঞ্চলটোত কোনো শিলৰ কোৱাৰি চলি আছে অথবা বৈধ শিলৰ কোৱাৰি সমূহেও যদি নীতি বহিৰ্ভূতভাৱে কৰা কামকাজৰ জৰিয়তে ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰাৰ তথ্য-প্ৰমাণ পোৱা যায় তেতিয়া হ'লে শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে আৰক্ষী অধীক্ষক গৰাকীয়ে।
ইয়াৰোপৰি নগাঁও-কাৰ্বিআংলং সীমান্তৰ অবৈধ কোৱাৰি তথা শিল-মাটি খননৰ বিৰুদ্ধে এতিয়াৰ পৰা কাৰ্বিআংলংৰ আৰক্ষী আৰু বন বিভাগে যুটীয়াভাবে তদাৰক কৰিব বুলি স্পষ্ট কৰি দিয়ে পৰিদৰ্শনকাৰি কাৰ্বিআংলঙৰ বন সংমণ্ডল বিষয়া গৰাকীয়ে। আনহাতে স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমী সকলে অভিযোগ কৰি অহাৰ ধৰণৰে বৃহত্তৰ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলৰ ন'-পুৰণি শিলৰ কোৱাৰী সমূহে পাহাৰৰ দাঁতিত থকা হস্তীদণ্ডীত কোনো বিৰুপ প্ৰভাৱ পেলাইছে নেকি সেই বিষয়েও সুক্ষ্ম ভাবে পৰ্যবেক্ষণ কৰা দেখা গ'ল কাৰ্বিআংলঙৰ বন সংমণ্ডল বিষয়া গৰাকীক। উল্লেখ্য যে, মঙ্গলবাৰে দিনটোত নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী দুৰ্গম অঞ্চললৈ আহি কাৰ্বিআংলং জিলাখনৰ আৰক্ষী প্ৰশাসন আৰু বন বিভাগে শিলৰ কোৱাৰি ও খনন সন্দৰ্ভত দিনজুৰি কৰা ক্ষেত্ৰ পৰিদৰ্শনৰ অন্তত কেনে ধৰণৰ প্ৰতিবেদন প্ৰস্তুত কৰে সেয়া অতিশয় লক্ষণীয় হ'ব।