মৰিয়নিঃ অৱশেষত ফাদিল হ’ল অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-মহা পৰিদৰ্শক (ডি আই জি) প্ৰবীণ শইকীয়াৰ মৃত্যু ৰহস্য৷ যোৱা ১৪ মে’ত ঘৰৰ ওচৰতে বিহু অনুষ্ঠান উপভোগ কৰিবলৈ যোৱা প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াজনৰ মৃতদেহ পাছদিনা ৰহস্যজনক পৰিৱেশত ঘৰৰ ওচৰতে উদ্ধাৰ হয়৷
যোৰহাট কেন্দুগুৰিত জী-জোঁৱায়েকৰ সৈতে বাস কৰা শইকীয়াৰ এখন ইন’ভা গাড়ীৰ খুন্দাত মৃত্যু হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে৷ ইতিমধ্যে আৰক্ষীয়ে গাড়ীখনৰ চালক সুদামা সিঙক গ্ৰেপ্তাৰ কৰাৰ লগতে গাড়ীখনো জব্দ কৰিছে৷ সিং এটা ব্যক্তিগত কেবল টিভি চেনেলৰ গাড়ীচালক আছিল।
গোপন সূত্ৰৰ পম খেদি ভোগদৈ আৰক্ষীয়ে আজি যোৰহাটৰ চেউনিআলিৰ পৰা গাড়ীচালকসহ ইন’ভা গাড়ীখন জব্দ কৰে। উল্লেখ্য যে শইকীয়াই ২০১৪ত উজনি অসমৰ উপ-মহা পৰিদৰ্শকৰূপে অৱসৰ গ্ৰহণ কৰিছিল৷