মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানকো এতিয়া কেৰেপ নকৰা হৈ পৰিছে অসম আৰক্ষীৰ একাংশ বিষয়াই। সাধাৰণ জনতাৰ সৈতে আৰক্ষীক মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানে ৰাজহুৱা সভা তথা ছ’চিয়েল মিডিয়াযোগে যিমানেই সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি কাম কৰিবলৈ পৰামৰ্শ দিলেও এইসকল আৰক্ষী বিষয়া, কনিষ্টবলে এতিয়াও নিজকে শুধৰাবলৈ সমৰ্থ হোৱা নাই। 

বিপৰীতে এইসকল আৰক্ষী বিষয়া, কনিষ্টবলে নিৰীহ লোকৰ ওপৰত সৰু সৰু কথাতে ৰাং-কুকুৰৰ দৰে জঁপিয়াই পৰা পৰিলক্ষিত হৈছে। শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ ফাঁচী বজাৰতো নীতি-নিয়ম নমনা, নিজকে বৰমতা দেখুৱাই ভালপোৱা এজন আৰক্ষী বিষয়াই সংঘটিত কৰে এক বৰ্বৰ ঘটনা। এই ঘটনাত মুখমণ্ডলত আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মানসিকভাৱে ভাগি পৰিছে জ্ঞানদীপ হাজৰিকা নামৰ জমেটোৰ এজন ডেলিভাৰী বয়। 

ডেলিভাৰী বয়জনৰ সৈতে কি ঘটিছিল?

প্ৰাপ্ত খবৰ অনুযায়ী শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ডেলিভাৰী বয় জ্ঞানদীপে দিনটোৰ শেষৰটো ডেলিভাৰী দিবলৈ বুলি নিজৰ ৰঙা স্কুটীখনেৰে ফাঁচীবজাৰৰ জেইল ৰোড পাইছিল। সেই সময়তে 'নো এন্ট্ৰী’ থকা পথত প্ৰৱেশ কৰাত  কৰ্তব্যৰত আৰক্ষীয়ে তেওঁক ৰ’বলৈ কয়। যুৱকজনে ৰও-নৰওককৈ থেৰেগেৰো কৰি যাবলৈ লোৱাৰ সময়তে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰা কাষচাপি আহি চোলাত ধৰি টানি নি বেয়াকৈ গালি-গালাজ কৰে। ইয়াতে ক্ষান্ত নাথাকি আৰক্ষী বিষয়া ভাৰ্গৱে জ্ঞানদ্বীপক মাৰধৰো কৰিবলৈ লয়। 

পাণবজাৰ থানাৰ সৈতে ঘটনা সন্দৰ্ভত জানিবলৈ যোগাযোগ কৰাত এজন আৰক্ষী বিষয়াই কয় যে ৰ’বলৈ নিৰ্দেশ দিয়াৰ পিছতো ডেলিভাৰী বয়জনে পলাই যাবলৈ চেষ্টা কৰিছিল বাবেই এনে অনাহূত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে আৰক্ষী বিষয়াগৰাকীয়ে মাৰধৰ কৰা সন্দৰ্ভত মতামত দিবলৈ অস্বীকাৰ কৰে। আৰক্ষীয়ে প্ৰথম অৱস্থাত কৰা এনে মন্তব্যৰ এক বিপৰীত দৃশ্যহে দেখা গৈছে ঘটনাটোৰ এটা ভাইৰেল ভিডিঅ’ত।

কি দেখা গৈছে ভাইৰেল ভিডিঅ’ত?

উক্ত ঘটনাৰ ভাইৰেল হৈ পৰা ভিডিঅ’টোত পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱে ডেলিভাৰী বয় জ্ঞানদীপক টানি নি কাষতে থকা ফুডষ্টল এখনৰ কাঠৰ ফ্ৰেমত চুলিত ধৰি জোৰ জোৰকৈ মূৰ থেকেচিয়াই থকা দেখা গৈছে। আৰক্ষী বিষয়াজনে এনেদৰে যুৱকজনক মূৰ থেকেচিয়াই প্ৰহাৰ কৰি থকা দেখিবলৈ পাই ওচৰত থকা লোকসকলে বাধা দিবলৈ চেষ্টা কৰে যদিও আৰক্ষী বিষয়াজনৰ লগতে কৰ্তব্যৰত আন আৰক্ষীয়ে লোকসকলক নিজৰ নিজৰ কাম কৰি যাবলৈ কয়। 

এনে সময়তে এজন সচেতন আৰু সাহসী লোকে মোবাইলেৰে সমগ্ৰ দৃশ্য আৱদ্ধ কৰিবলৈ লয়। আৰক্ষীয়ে মোবাইলেৰে ৰেকৰ্ড কৰি থকা লোকজনক বাধা দিয়াৰো চেষ্টা চলায়। ভিডিঅ’টোত আৰক্ষী বিষয়াজনে যুৱকজনক ‘ক’ত যাবি তই, তোক মাৰি পেলাম’ বুলি কৈ কাগজ-পত্ৰ বিচৰা দেখা গৈছে৷ যুৱকজনে কাগজ জাতীয় কোনো নথি উলিয়াই দিয়াৰ পিছতো পুনৰ ডিঙিত চেপি মাৰধৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত একপ্ৰকাৰ লেবেজান হৈ পৰে যুৱকজন। 

দোষী আৰক্ষী বিষয়াক নিলম্বন

ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনসকল ক্ষোভত ফাটি পৰা দেখা গৈছে। নেটিজেনসকলে আৰক্ষী বিষয়াজনৰ এনে বৰ্বৰতাক একমুখে ধিক্কাৰ দিয়াৰ লগতে ডিজিপি আৰু আন শীৰ্ষ আৰক্ষী বিষয়াসকলকো জবাবদিহি কৰা পৰিলক্ষিত হৈছে। এই কাণ্ড সভ্য সমাজৰ বিৰোধী বুলি উল্লেখ কৰি আৰক্ষী হ’ল বুলিয়েই সামান্য ভুলৰ বাবে এনেদৰে আইন নিজৰ হাতত তুলি লোৱা কাৰ্যত তীব্ৰ ভাষাৰে গৰিহণা দিছে সচেতন মহলে। জ্ঞানদীপ বৰাৰ ওপৰত আৰক্ষীয়ে সংঘটিত কৰা এনে আক্ৰমণৰ বিৰুদ্ধে কটনৰ ছাত্ৰ সমাজেও প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। কটন কলেজৰ প্ৰাক্তন ছাত্ৰজনৰ হৈ থিয় দি আৰক্ষীৰ বৰ্বৰতাক ধিক্কাৰ দিয়াৰ লগতে ছাত্ৰ সমাজৰ একাংশই ছাত্ৰজনক মোকলাই আনিবলৈ পাণবজাৰ থানালৈকো যায়। 

পৰিস্থিতি বিষম হৈ পৰাত আৰু ছ’চিয়েল মিডিয়াত ঘটনাটোৱে ব্যাপক চৰ্চা লাভ কৰাত উপায়ন্তৰ হৈ অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰে। এক টুইটযোগে ডিজিপি জিপি সিঙে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আইন হাতত তুলি লৈ ডেলিভাৰী বয়জনক নিৰ্মমভাৱে প্ৰহাৰ কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে বুলি সদৰী কৰে। ঘটনাটোক লৈ বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়াৰ কথা টুইটযোগে সদৰী কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। 

ডেলিভাৰী বয়ৰ কাম কৰা মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকা

কি কয় ভুক্তভোগী জ্ঞানদীপে?

আৰক্ষীৰ প্ৰহাৰৰ সন্মুখীন হোৱা জ্ঞানদীপক ঘটনাটোৰ পিছতে পাণবজাৰ থানালৈ লৈ যোৱা হৈছিল। প্ৰায় ৫ ঘণ্টা ধৰি থানাত ৰখাৰ অন্তত নিশা প্ৰায় ১১.৩০ বজাত তেওঁক যাবলৈ দিয়া হয়। থানাৰ পৰা মুকলি হৈ ওলাই আহিয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ সন্মুখীন হয় যুৱকজন। সংবাদ মাধ্যমৰ আগত দোষী আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে বেছিকৈ প্ৰহাৰৰ অভিযোগ তোলাৰ লগতে জ্ঞানদীপে নিজৰ ভুলো স্বীকাৰ কৰা পৰিলক্ষিত হয়।

ঘটনাটোৰ পিছতো অতি শান্তভাৱে যুৱকজনে কয়, ''ডেলিভাৰী এজেণ্টবোৰক সেইফালেৰে যাবলৈ দিয়ে নৰমেলি। ময়ো তেনেকৈ ভাবিছিলো প্ৰথমতে। কিন্তু কিবা এটা ছিৰিয়াছ ইছ্যু এটা চলি আছে বুলি কৈছে, আলফাৰ ৰাইজিং ডে’ আহি থকা বাবে। সেয়ে অলপ চেকিংটো বেছিকৈ লগাইছিল। মোক মাতিলে। মই ভালকৈ গুৰুত্ব নিদিলো। মোক অলপ প্ৰহাৰটো বেছিকৈ কৰিলে। পিছত গৈ ভালকৈ বুজিপালো যে কেছটো অপল বেলেগ, ৰাইজিং ডে’ৰ বাবে চেকিং কাঢ়া কৰিছিল।’’

পলাবলৈ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে কৰা অভিযোগ সন্দৰ্ভত তেওঁ কয়, ''পলাবলৈতো মই চেষ্টা, মানে কি আৰু, এনেই নো এণ্ট্ৰি থাকিলে আমি সেইপিনে গুচিয়েই যাও নহ। নৰমেলিয়েই আমি ওলাই গৈছিলো নহ। মই মোৰ ভুলটো স্বীকাৰ কৰিছো। মোক ৰখাইছিল, মই ৰখা নাছিলো। প্ৰথমবাৰ মই শুনিছিলো। কিন্তু ভাবিছিলো যে নৰমেলি কিবা এটা কৈছে, কাৰণ তেনেকৈ ক’লেও আমাক সাধাৰণতে যাবলৈ দিয়ে। কয় যে যা ডেলিভাৰী এজেণ্ট, নহ’লে এপাক ঘূৰি আহিবলগীয়া হয়, তেনেকুৱা আৰু। ত’ বেছিকেলি আমাক যাবলৈ দিয়ে।’’

তেওঁ আৰু কয়, ‘'মোৰ পঢ়াৰ ক্ষেত্ৰত টার্মছটো শেষ হৈছে। দুটামান পৰীক্ষা এতিয়াও বাকী আছে। ডেৰ মাহমানৰ পৰা ডেলিভাৰী বয়ৰ কামত নিয়োজিত হৈ আছো। আৰক্ষী বিষয়াজনে চৰ শোধোৱাত দুখ পাইছিলো। মই পৰিস্থিতিত পৰিহে ডেলিভাৰী বয়ৰ কাম কৰিবলগীয়া হৈছে।’'

প্ৰহাৰ কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ''মই গম পোৱা মতে অলৰেডি তেওঁৰ বিৰুদ্ধে একশ্যন লৈছে। গতিকে মই বেলেগ একো ভবা নাই। গালত অলপ দুখ পাইছো। এতিয়া ঠিক হৈ গৈছে। ভিতৰত পুলিচে মোক একো কৰা নাই। নৰমেল ইণ্টাৰোগেশ্যন কৰিছে। যি কৰিছে বাহিৰতে কৰিছে ভিডিঅ’টোত দেখাৰ দৰে।’’  

আৰক্ষীৰ প্ৰহাৰৰ সন্মুখীন হোৱা জ্ঞানদ্বীপৰ পিতৃ-মাতৃও আৰক্ষী

আৰক্ষীৰ প্ৰহাৰৰ সন্মুখীন হোৱা জ্ঞানদ্বীপ হাজৰিকাও আৰক্ষীৰ পৰিয়ালৰে সন্তান। তেওঁৰ পিতৃও আৰক্ষীতে কৰ্মৰত আছিল। অসম আৰক্ষীৰ বেটেলিয়নত কৰ্মৰত জ্ঞানদ্বীপৰ পিতৃৰ বিয়োগ ঘটিছিল ২০১১ চনত। তেতিয়াৰে পৰা জ্ঞানদ্বীপ আৰু তেওঁৰ ভগ্নীক মাকেই চোৱা-চিতা কৰি আহিছে। ৪ বছৰ পূৰ্বে মাতৃয়েও আৰক্ষী বিভাগত চাকৰি লাভ কৰিছিল। সম্প্ৰতি চাকৰি সূত্ৰে কন্যাৰ সৈতে মাতৃয়ে তেজপুৰত থাকে।

উচ্চতৰ মাধ্যমিক পৰ্যন্ত শোণিতপুৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অধ্যয়ন কৰা জ্ঞানদীপ আছিল সৰুৰে পৰা অমায়িক স্বভাৱৰ। সৰুতেই পিতৃহাৰা হোৱা জ্ঞানদ্বীপে আজৰি সময় অবাবত কটোৱাৰ পৰিৱৰ্তে কিবা এটা কৰি ভালপাইছিল বাবেই অধ্যয়নৰ সমান্তৰালভাৱে ফটোগ্ৰাফি, এডিটিং আদি কামো কৰিছিল।  কটন বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰাৰ পিছৰে পৰা গুৱাহাটীতে বাস কৰি আহিছে জ্ঞানদ্বীপে। অধ্যয়নৰ সমান্তৰালভাৱে ফটোগ্ৰাফিৰ লগতে আজৰি সময় পালে ডেৰমাহ পূৰ্বৰে পৰা দুপইছা উপাৰ্জনৰ বাবে জমেটোত ডেলিভাৰী বয় হিচাপেও কাম কৰিবলৈ লৈছিল ২১ বছৰীয়া মেধাৱী ছাত্ৰজনে। 

জ্ঞানদীপে ডেলিভাৰী বয় হিচাপে কাম কৰাৰ কথা আনকি তেওঁ মাতৃকো অৱগত কৰা নাছিল। শুকুৰবাৰে ঘটনাটোৰ খবৰ পোৱাৰ পিছতহে তেওঁ এই বিষয়ে জানিব পাৰে। সংবাদমাধ্যমৰ আগত মাতৃ বেবী হাজৰিকাই কয়, ''ময়ো পুলিচতে চাকৰি কৰো। মোৰ ল’ৰাটোক গুৱাহাটীলৈ পঢ়িবলৈ পঠিয়াইছো কটন কলেজত। সি এক্সট্ৰাকৈ যে কিবা কৰে সেইটো মই নাজানো। কালি ৰাতি তাৰ লগৰবোৰে ফোন কৰিছে যে জ্ঞানদীপৰ লগতে এনেকুৱা ঘটনা ঘটিছে। মইতো নাজানো নহ সি যে এনেকৈ প্ৰাইভেট কিবা কাম কৰিছে, জমেটোত ডেলিভাৰী দিয়ে। মই জানো যে সি এডিটিঙৰ কিবা এটা কাম কৰে। পাৰ্টটাইম আমাক নজনোৱাকৈ কি কৰে আমি নাজানো।’’

জ্ঞানদ্বীপৰ মাতৃ বেবী হাজৰিকা

মাতৃয়ে আৰু কয়, ''মই সীমিত পইছা পাও। দুটা ল’ৰা-ছোৱালীক খৰচ দিবলগীয়া হয়। আমি তেজপুৰত থাকো, সি গুৱাহাটীত থাকে। দৰমহাৰ পইছাৰে ভালকৈ নোযোৰে। হয়তো সেয়ে মাক ইমান প্ৰেছাৰ কিয় দিও বুলি চাগে সি এনেকৈ এক্সট্ৰা কিবা কৰিছে। তাক ইমান বেয়াকৈ মাৰিছে। তেনেকৈ মাৰিব নালাগিছিল। সি যদি ভুল কৰিছে ফাইন লওক। ভাইটি বুলি খুব বেছি এটা চৰ শোধাওক। কিন্তু ডিঙিত ধৰি এনেকৈ মাৰিছে, যদি তাৰ কিবা এটা হ’লহেতেন মই অকলশৰীয়া মানুহজনীয়ে কেনেকৈ কি কৰিলোহেতেঁন?’’

কাকো একো ক’বলগীয়া নাই আৰু অভিযোগো দিবলগীয়া নাই বুলি কৈ মাতৃয়ে নিজ পুত্ৰ জ্ঞানদীপক এইবোৰৰ পৰা মুক্ত কৰি দিবলৈ সকলোকে আহ্বান জনায়। লগতে ৰাইজে আগবঢ়োৱা সমৰ্থনৰ বাবে তেওঁ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

বদমেজাজী আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা

শুকুৰবাৰে জমেটোৰ ডেলিভাৰী বয়ক প্ৰহাৰ কৰা ঘটনাৰে জড়িত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা এজন বদমেজাজী স্বভাৱৰ আৰক্ষী বিষয়া বুলি চৰ্চা হোৱা দেখা গৈছে। কালিৰ ঘটনাটোৰ পূৰ্বেও একাধিকবাৰ এইগৰাকী আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত আক্ৰমণাত্মক হৈ পৰাৰ অভিযোগ উঠিছে। দিনদিয়েক পূৰ্বে দীঘলীপুখুৰীত গছ কটা কাৰ্যৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদী কাৰ্যসূচীতো আৰক্ষী বিষয়া ভাৰ্গৱে এজন প্ৰতিবাদকাৰী ছাত্ৰক ইচ্ছা কৰিয়েই জোৰকৈ গতিয়াই দিছিল বুলি জানিব পৰা গৈছে।

আনহাতে, ডেলিভাৰী বয়ক প্ৰহাৰ কৰা ভিডিঅ’টো প্ৰথমে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা প্ৰণিতা তালুকদাৰ নামৰ মহিলাগৰাকীয়েও সংবাদ মাধ্যমৰ সমুখত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে তেনে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। মহিলাগৰাকীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে আৰক্ষী বিষয়া ভাৰ্গৱে তেওঁ উঠি গৈ থকা ৰেপিডো চালক এগৰাকীক সামান্য কথাতে দুৰ্ব্যৱহাৰ কৰিছিল। আৰক্ষী বিষয়াগৰাকীয়ে ৰেপিডো চালকগৰাকীক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যদিও মহিলাগৰাকীয়ে ওভতি ধৰাত চালকজন ৰক্ষা পৰে বুলিও জানিবলৈ দিয়ে।

মহিলাগৰাকীয়ে কয়, ''মই তেতিয়া ইয়াৰ পৰা গৈ ঘৰ সোমাইছিলো। ঘটনাটো মই দেখি আহিছিলো। ঘটনাটো প্ৰত্যক্ষ কৰি থকা মোৰ লগৰ এজনে ৰেকৰ্ডিং কৰি মোক ভিডিঅ’টো দিছিল। দৃশ্যতো দেখি মই ৰ’ব পৰা নাছিলো। সেয়ে ভিডিঅ’টো পায়েই মই ফেচবুকত শ্বেয়াৰ কৰিছিলো। এনে অ’চি আৰু আৰক্ষীক নিলম্বন কৰিলেই নহ’ব। এনেসকলক চাকৰিৰ পৰা একেবাৰে বিদায় দি দিব লাগে।’’

পাণবজাৰ থানা ঘেৰাও কটনৰ ছাত্ৰ সমাজৰ

আৰক্ষীৰ প্ৰহাৰ কাণ্ডৰ ভুক্তভোগী জ্ঞানদ্বীপ হাজৰিকাৰ লগতে তেওঁৰ মাতৃয়েও আৰক্ষীৰ কাণ্ডক লৈ অধিক সৰৱ হৈ নপৰিলেও কটনৰ ছাত্ৰ সমাজে কিন্তু এই ঘটনাক সহজভাৱে ল’ব পৰা নাই। ঘটনাটোক লৈ ক্ষোভিত হৈ থকা ছাত্ৰ সমাজে আজি দোষী আৰক্ষী বিষয়াজনক নিলম্বনতকৈয়ো কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে আজি পাণবজাৰ থানা ঘেৰাও কৰে। কটনৰ ছাত্ৰ সমাজে দোষী আৰক্ষীজনক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈকো দাবী জনায়।

NNOৰে হোৱা এক বাৰ্তালাপত এগৰাকী প্ৰতিবাদী ছাত্ৰই কয় যে যিহেতু জ্ঞানদ্বীপ নিজেই আৰক্ষীৰ পৰিয়ালৰ ল’ৰা আৰু মাতৃয়ে বৰ্তমানো আৰক্ষীত কৰ্মৰত হৈ আছে সেয়ে বিভিন্ন কাৰণত তেওঁলোকে মনৰ ভিতৰৰ ক্ষোভখিনি ভালকৈ প্ৰকাশ কৰিব পৰা নাই। কিন্তু এনে ঘটনা দেখাৰ পিছত সভ্য সমাজৰ কোনেও থিৰেৰে থকা উচিত নহয় বাবেই কটনৰ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি জনায়।

''আজি জ্ঞানদীপৰ লগত এনে ঘটিছে। আজি যদি আমি মনে মনে থাকো তেন্তে কাইলৈ আন কাৰোবাৰ লগতো এনে ঘটনা ঘটিব। সেয়ে আমি কটনৰ ছাত্ৰ সমাজে আজি প্ৰতিবাদ জনাইছো। সাধাৰণ মানুহে যেতিয়া অন্যায়ৰ বলি হৈ তেতিয়া আৰক্ষীৰ ওচৰলৈ আহে। কিন্তু সেই আৰক্ষীয়েই যদি এনে বৰ্বৰ আচৰণ কৰে, আইন হাতত তুলি লয় তেন্তে মানুহ কাৰ ওচৰলৈ যাব? নিৰীহৰ ওপৰত বৰমতা দেখুওৱা আৰক্ষীৰ সমুখতে কিমান কি ঘটি থাকে। সেইবোৰ কিন্তু ৰোধ কৰাত আৰক্ষী ব্যৰ্থ হৈ আহিছে। কাৰণ আৰক্ষীয়ে ভালকৈ কাম নকৰে। কিবা কৰিলেও এনেকৈ আইন হাতত তুলি লৈ কাম কৰে। এনে হ’লে সাধাৰণ মানুহৰ নিৰাপত্তা ক’ত থাকিব?’’-এইদৰে কয় এগৰাকী প্ৰতিবাদী ছাত্ৰই। 

থানালৈ নিয়াৰ পিছত জ্ঞানদ্বীপৰ সৈতে কি হৈছিল?

ফাঁচী বজাৰত আক্ৰমণ কৰাৰ পিছতে পাণবজাৰ থানালৈ লৈ যোৱা হয় জ্ঞানদীপক। থানাৰ পৰা হাতত হেণ্ডকাফ লগাই স্বাস্থ্য পৰীক্ষা কৰাবলৈ লৈ যোৱা হৈছিল যুৱকজনক। স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ থানালৈ আনি তেওঁক আৰক্ষীয়ে কেবাঘণ্টা ধৰি বহুৱাই ৰাখে। ৰাজ্যখনৰ আগশাৰীৰ ডিজিটেল সংবাদ সংস্থা 'দ্য ক্ৰছকাৰেণ্ট'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জ্ঞানদীপে জনোৱা মতে থানাৰ ভিতৰতো বিতৰ্কিত অ’চিজনে গালি-গালাজ কৰাৰ লগতে তেওঁক এটা চৰ শোধাইছিল। সাক্ষাৎকাৰটোত তেওঁ নিজে নিবিচাৰিলেও আন আৰক্ষীয়ে যাতে ভৱিষ্যতে এনে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে নিলম্বনৰ উপৰিও আন দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো পোষকতা কৰে।

''মোৰ ওপৰত কেছ দিয়াৰ কথা কৈ আছিল আৰক্ষীবোৰে। মোক হেণ্ডকাফ লগাই মেডিকেল কৰাবলৈ নিছিল। সেইটো মোৰ কাৰণে বহুত বেয়া এক্সপিৰিয়েন্স আছিল। কাৰণ মই তাতেই লগালগ কৈছিলো যে মই ডেলিভাৰী কৰা মানুহহে হয়। মোৰ বেগটোও খুলি চাইছিল। তাত পাৰ্চেল আছিল আৰু সৰুবেগটোত ডেলিভাৰী দি পোৱা পইছা আছিল। মই দেখাইছিলো।’’-ঘটনাটোক লৈ মানসিকভাৱে ভাগি পৰাও বুলি উল্লেখ কৰি এইদৰে কয় জ্ঞানদীপে।

থানা পোৱাৰ লগে লগে কোম্পানীৰ মানুহো আহি পাইছিল আৰু তেওঁ উক্ত কোম্পানীটোৰে ডেলিভাৰী এজেণ্ট বুলি চিনাক্ত কৰিছিল। তৎসত্বেও কিন্তু জ্ঞানদীপক যাবলৈ দিয়া হোৱা নাছিল। অৱশেষত ছ’চিয়েল মিডিয়াত ভিডিঅ’টোক লৈ তোলপাৰ লগাত আৰক্ষীৰ শীৰ্ষ মহলতো হাহাকাৰ লাগে। তাৰপিছতে ডিজিপিয়ে বিষয়াজনক নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা সদৰী কৰে। ইয়াৰ কিছু সময় পিছতে নিশা প্ৰায় ১১.৩০ বজাত থানাৰ পৰা যাবলৈ দিয়া হয় জ্ঞানদীপক।

অ'চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ, অভিযোগ

অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভুক্তভোগী জ্ঞানদীপ হাজৰিকা আৰু তেওঁৰ আৰক্ষীত কৰ্মৰত মাতৃয়ে কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলি ক’লেও ভিডিঅ’টো প্ৰত্যক্ষ কৰাৰ পিছত থিৰেৰে থাকিব পৰা নাই বহু সচেতন লোক। সেয়ে কেবাগৰাকী লোকে ইতিমধ্যে উক্ত ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ অ’চিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰা দেখা গৈছে।

ঘটনা সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন উপ-সভাপতি পলাশ ৰঞ্জন বৰুৱা আৰু সমাজকৰ্মী হিমাংশু গগৈয়ে পাণবজাৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১০৯/১৬৬/২৯৬/১২৭(২)/৩৫১ ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰে। আনহাতে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচীত জাতি আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰিছে ৰাইজৰ দলৰ নেতা ভৱেন সন্দিকৈয়ে। সন্দিকৈয়ে অভিযোগ দাখিল কৰি নিলম্বনৰ পৰিৱৰ্তে অভিযুক্ত আৰক্ষী বিষয়াজনক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী জনাইছে নেতাগৰাকীয়ে।

মাৰধৰৰ ঘটনাত জড়িত পাণবজাৰ থানাৰ অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বোকাখাত আৰক্ষী থানাতো দাখিল কৰা হৈছে এজাহাৰ৷ বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱাধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি প্ৰণৱ দলেৰ লগতে সদৌ বোকাখাত ই-মটৰ শ্ৰমিক সন্থাৰ সম্পাদক ভাস্কৰ শইকীয়াই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে পৃথকে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷

ইফালে, প্ৰথম অৱস্থাত গোচৰ ৰুজু নকৰো বুলি কলেও শনিবাৰে সন্ধিয়াৰ ভাগত পাণবজাৰ থানাত অ'চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে জ্ঞানদীপ হাজৰিকাই। এজাহাৰ দাখিলৰ অন্তত তেওঁ কয়, "কালি দিনটোত যি হ'ল সেই লৈ মই বহুত প্ৰেছাৰত আছিলো। কালি কৈছিলো যে মই একো ভবা নাই। বহুত প্ৰেছাৰত আছিলো বাবে মই  একো ডিচিছন দিব পৰা নাছিলো কালি। আজি পৰিয়ালৰ লোকৰ সৈতে, লগতে মোৰ বন্ধুবৰ্গৰ সৈতেও কথা পাতো। কথাটো ভালকৈ ভাবো আৰু কালি মোৰ সৈতে ঘটনা সংঘটিত কৰা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সিদ্ধান্ত লৈ এজাহাৰ দাখিল কৰিছো।"

জ্ঞানদীপে দাখিল কৰা এজাহাৰখন

ব্যৱহাৰ বেয়া কৰিলে নহ’বঃ মুখ্যমন্ত্ৰী

'মই সব কথা মানি ল’ম। কিন্তু ব্যৱহাৰ বেয়া কৰিলে মনটো বেয়া লাগে। মই যিহেতু গৃহমন্ত্ৰী, যেতিয়া মৰাণত অ’চিজনে ৰাইজক বেয়া ব্যৱহাৰ কৰে তেতিয়া মোৰ গাত লাগে। ৰাইজৰ কাম নকৰিব, কোনো আপত্তি নাই। কিন্তু বেয়া ব্যৱহাৰ নকৰিব। আইনৰ কাম কৰাত আমাৰ কোনো হকা-বধা নাই। কোনোবাই কৈ আছে মই এইটো কেছ লও, এইটো নলও। কেছ লয়, নলয় সেইটো আপোনালোকৰ কথা। ল’লে কি হ’ব নল’লে কি হ’ব সেইটো আইনে ঠিক কৰিব। কিন্তু মুখত কাৰোৱে প্ৰতি কোনেও যাতে নাগৰিকৰ প্ৰতি বেয়া ব্যৱহাৰ নকৰে এই কথাটো মই ৰিকুৱেষ্ট কৰিম।’’-এই ভাষ্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছিল, ''কাৰোবাৰ পিতৃ কৃষক, কাৰোবাৰ দেউতা প্ৰফেছৰ আছিল। কাৰোবাৰ পিতৃ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে পুৰস্কৃত শিক্ষক, আমাৰ ব্যৱহাৰসমূহে যাতে পিতৃ-মাতৃক অপমান নকৰে। মাজে মাজে আহি থকা ফটোবোৰে আমাক অলপ অলপ আমনি কৰে। ইউনিফৰ্মক সন্মান কৰিব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ’ব লাগিব। এফিচিয়েণ্ট পুলিচ হ’বলৈ ব্যৱহাৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই।’’

আৰক্ষীৰ এক সন্মিলনত মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য এতিয়া যেন গালো বালো খোলাকটিৰ তালত পৰিণত হৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে একাধিকবাৰ কেতিয়াও দুখীয়া মানুহৰ ওপৰত লাঠী নচলোৱাৰ প্ৰতিজ্ঞা ল'বলৈকো আৰক্ষীসকলক আহ্বান জনাই আহিছিল। ইমানৰ পিছতো কিন্তু আৰক্ষীয়ে সুযোগ পালেই সৰু সৰু কথাতে সাধাৰণ জনতাৰ ওপৰত এনেদৰে বৰ্বৰভাৱে জঁপিয়াই পৰি অহা দেখা গৈছে। 

ঘটনাক লৈ অব্যাহত প্ৰতিক্ৰিয়া

জমেটোৰ ডেলিভাৰী বয়ক প্ৰহাৰ কৰা ঘটনাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। ঘটনাটোক লৈ আশ্চৰ্য প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি সাংসদ বৰদলৈয়ে 'এয়াই নেকি জনতাৰ সেৱা কৰা আৰক্ষীৰ স্বৰূপ’ বুলি প্ৰশ্ন উত্থাপন কৰিছে। চি পি আই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চিপিআইএম নেতাগৰাকীয়ে কয় যে ফাঁচীবজাৰৰ ঘটনাই অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ কিমান অৱনতি ঘটিছে সেয়াই স্পষ্ট কৰি তুলিছে।

ঘটনাটোক লৈ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ফেচবুকযোগে তেওঁ লিখিছে, ''জমেটোৰ ডেলিভাৰী ল'ৰাজনৰ ওপৰত এজন পুলিচ বিষয়াৰ অমানুষিক গুণ্ডাগিৰীয়ে দুটা দিশ আমাৰ সম্মুখত উন্মোচিত কৰিছে। এটা হ'ল যিকোনো সাধাৰণ খাটি খোৱা মানুহৰ প্ৰতি বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন পুলিচ বিভাগৰ সামগ্রিক মানসিকতা আৰু আন এটা হ'ল এজন উচ্চ শিক্ষিত যুৱকৰ শ্রমৰ কোনো মূল্য নোহোৱা। এক কথাত এয়াই আমাৰ ৰাজ্যৰ শেহতীয়া ৰাজনীতি, যত মানুহৰ মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ পৰিকল্পিত ভাবে নোহোৱা কৰি পেলোৱা হৈছে। এই মুহূর্তত আমাৰ এইটোৱেই স্পষ্ট দাবী যে, পুলিচৰূপী গুণ্ডা ভাৰ্গৱ বৰবৰাক গ্রেপ্তাৰ কৰক আৰু চাকৰিৰ পৰা বৰ্খাস্ত কৰক। লগতে সাধাৰণ মানুহৰ প্ৰতি সামগ্রিকভাবে প্রশাসন ব্যবস্থাৰ মানসিকতা সলনিৰ কাৰণে চিন্তা-চৰ্চা আৰম্ভ কৰক।’’

আপ নেতা ৰাজেশ শৰ্মাই ডিজিপি জিপি সিঙক এই সন্দৰ্ভত প্ৰশ্ন কৰি লিখিছে, ''কোনোবাই ছবি আঁকি কাৰাগাৰলৈ যায়, কোনোবাই কবিতা লিখাৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হয়। তেনেক্ষেত্ৰত এগৰাকী ডেলিভাৰী বয়ক ৰাজহুৱাকৈ আৰক্ষী বিষয়াই প্ৰহাৰ কৰাৰ পিছত শাস্তি কেৱল নিলম্বন নেকি?’’

আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰাক্তন কটনিয়ান জ্ঞানদ্বীপ হাজৰিকাক ৰাজপথত অত্যাচাৰ চলোৱা পাণবজাৰ আৰক্ষী থানাৰ বিষয়া ভাৰ্গৱ বৰবৰাক জেললৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছে। তেওঁ কয়, ''আৰক্ষী বিষয়াজনে সকলো সীমা চেৰাই গৈছে। এনেক্ষেত্ৰত কেৱল নিলম্বনেই যথেষ্ট নহয়। আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিব লাগে আৰু বৰ্বৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাক জেললৈ নিক্ষেপ কৰিব লাগে। নহ’লে এনেকৈ অসমত সাধাৰণ মানুহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ চলিয়েই থাকিব।’’

ফাঁচীবজাৰত সংঘটিত এই ঘটনাক লৈ ঝাৰখণ্ডতো দেখা গৈছে প্ৰতিক্ৰিয়া। মাইক্ৰ’ব্লগিং ৱেবছাইট 'এক্স’ত এক পোষ্ট কৰি ৰাজ্যখনৰ বৰ্তমান শাসনত থকা দল ঝাৰখণ্ড মুক্তি মৰ্চাই হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। 

শুকুৰবাৰৰ বৰ্বৰ ঘটনাটোৰ ভিডিঅ’ শ্বেয়াৰ কৰি দলটোৱে লিখিছে, ''হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত দুখীয়া হোৱাটোৱেই অপৰাধ হৈ পৰিছে। তাত ছুইগি-জমেটোৰ ডেলিভাৰী বয় হিচাপে কাম কৰাসকলক মানুহ হিচাপেই গণ্য কৰা নহয়। সৰু ভুল এটা কৰোতেই এই ভিডিঅ’টোত চাওক কেনেকৈ যুৱকজনক মৰিয়াই মৰিয়াই আৰক্ষীয়ে মাৰি পেলোৱাৰ ধমকি দিছে। যদিহে কোনোৱে ভুলতেও ইয়াৰ বিৰোধিতা কৰে তেন্তে তেওঁৰো এনে দশাই কৰে। বাবুলালক সেয়ে ইয়াতো নিৰ্বাচনী প্ৰচাৰৰ চেহেৰা কৰা হৈছে যাতে, অসমত বহি বহিয়েই ঝাৰখণ্ডত তালিবানী শাসন চলাব পাৰে।’’

ইফালে, এই ঘটনাৰ পিছতে একাংশ নেটিজেনে আৰক্ষীয়ে বিগত প্ৰায় ৩-৪ বছৰ ধৰি আৰম্ভ কৰা এনকাউণ্টাৰ প্ৰথাকো সমালোচনা কৰা দেখা গৈছে। চৰকাৰে আৰক্ষীক এনকাউণ্টাৰৰ বাবে ভিতৰি ভিতৰি প্ৰৰোচিত কৰা বাবেই এনেধৰণৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে বুলি মন্তব্য কৰিছে ভিন্নজনে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ লুইত কুমাৰ বৰ্মনে আৰক্ষী আৰু চৰকাৰক কটাক্ষ কৰি লিখিছে, ''আচলতে অ’চিজনে বৰ ভুল কৰিছে। চৰ, প্ৰহাৰ নহয়, এনকাউণ্টাৰ কৰিলে ছাছপেণ্ডো নহ’লহেতেন আৰু ৰাইজৰো বাঃ বাঃ পালেহেঁতেন।’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ঘটনাটোৰ প্ৰায় ১৮ ঘণ্টা পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এক ফেচবুক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ''অসম আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ বিৰুদ্ধে অপ্ৰয়োজনীয়ভাৱে শক্তি প্ৰয়োগ কৰা উচিত নহয়৷ বিপৰীতে মৰ্যাদা আৰু সন্মানেৰে জনসাধাৰণক সেৱা আৰু সুৰক্ষা প্ৰদান কৰা শক্তিলৈ আৰক্ষী ৰূপান্তৰ হ’ব লাগিব। অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ’ল।’’

আৰক্ষীয়ে মানুহক ভয় খুৱাই কাম কৰা উচিত নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্টটোত আৰু লিখিছে, ''আৰক্ষীয়ে ৰক্ষা কৰিবলৈ লোৱা মানুহখিনিৰ বিৰুদ্ধে কৰ্তৃত্বৰ অপব্যৱহাৰ বা হিংসা সমাজে আৰু সহ্য নকৰে। আৰক্ষীয়ে সংস্কাৰ, জবাবদিহিতা আৰু মমত্বক আঁকোৱালি লোৱাৰ সময় আহি পৰিছে। লগতে, এই মূল্যবোধসমূহক সঁচা অৰ্থত ৰক্ষা কৰা শক্তি এটাৰ বাবে নতুন পথ সৃষ্টি কৰিবলৈ খোজ দিয়াৰ সময় আহি পৰিছে।’’

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বশিষ্ঠ আৰক্ষীয়ে ৩জনকৈ লোকক প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ সময়ত আৰক্ষীক নিজৰ স্বভাৱ সলনি কৰিবলৈ কৈছিল মুখ্যমন্ত্ৰীয়ে। তেনে কাম কৰিলেও শীৰ্ষ বিষয়াই হ’লেও সাৰি নাযাব বুলিও সকীয়াই দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।

''পুলিচে নিজৰ কেৰেকটাৰ বদলাব লাগিব। আগতে যি দাবী-ধমকি মাৰি যেনেকৈ চলিছিল সেই ব্যৱস্থা নচলিব। পুলিচৰ শীৰ্ষতম অফিচাৰ হ’লেও তেওঁ এৰেষ্ট হ’ব। এইধৰণে ডিজিপিয়ে সকলোকে বাৰ্তা দিছে। ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি এছপি লেভেললৈকে সকলোৱে বুজি পাব লাগে। কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা। সেয়ে আমি আজি এছপিৰ বিপক্ষেও একশ্যন লৈছো। এনেকৈ দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল’ম আৰু এইক্ষেত্ৰত ডিজিপিক আমি ফুল অথ’ৰিটি দি থৈছো।’’-এইদৰে আৰক্ষীক কেইমাহমান পূৰ্বে কঠোৰ সকীয়নি প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইমানৰ পিছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত এটাৰ পিছত এটাকৈ আৰক্ষী বৰ্বৰতাৰ ঘটনা সংঘটিত হৈয়েই আছে। একাংশ আৰক্ষীয়ে এনেদৰে মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ পৰামৰ্শ, সকীয়নিৰ লগতে নিৰ্দেশকো অমান্য কৰি অহাৰ পৰিপ্ৰেক্ষিততে শুকুৰবাৰে সংঘটিত হ’বলৈ পালে এই বৰ্বৰ ঘটনা। এতিয়া মুখ্যমন্ত্ৰী তথা আৰক্ষী বিভাগে অ’চি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে নে কেৱল নিলম্বিত কৰিয়েই দায়িত্ব সামৰে সেয়া লক্ষণীয় হ’ব।