গুৱাহাটীঃ নগাওঁ জিলাৰ ধিং আৰু বটদ্ৰৱা আৰক্ষী চকীৰ অধীনত ডুমডুমীয়া উপ আৰক্ষী চকী হৈ পৰিছে মদৰ আড্ডা থলী। উপ আৰক্ষী চকীখনৰ ভিতৰত দিনে ৰাতিয়ে চলে মদৰ পাৰ্টি । একপ্ৰকাৰ বাৰলৈ পৰিণত হৈছে আৰক্ষীচকীটো।

আজি এক গোপন কেমেৰাত বন্দী হয় তাৰ কিছুমান দৃশ্যাংশ। আঙুৰ-আপেল লৈ একাংশ দালালৰ লগত আৰক্ষী চকীখনতে মদ সেৱন কৰি থকা দেখা গৈছে আইচি লক্ষ্মী কলিতা। জানিব পৰামতে, আৰক্ষী চকীখনৰ আই চি লক্ষ্মী কলিতাৰ নেতৃত্বত অঞ্চলতোত অবাধে ড্ৰাগছ, মদ, ভাং আদিৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে।

মোটা অংকৰ কমিছন লৈ হাত উজান দিয়া বুলি অভিযোগ আছে আই চি লক্ষ্মী কলিতাৰ বিৰুদ্ধে। ৰক্ষকেই ভক্ষকৰ ভূমিকা পালন কৰা ঘটনাই অঞ্চলটোত সচেতন মহলে ইয়াৰ উপযুক্ত শাস্তি দাবী কৰিছে।