newsnextone.com | গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসমৰ মাটিত হিন্দু বাংলাদেশী সংস্থাপন সিদ্ধান্তৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অগপৰ দুই প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কে বিধেয়ক গৃহীত হ’লে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ হুংকাৰ দিয়ে৷ 

এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰে৷

বিধেয়ক খনৰ বিৰোধিতা কৰা মেঘালয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই প্ৰফুল্ল কুমাৰ মহন্তই অসমৰ ক্ষেত্ৰত পূৰ্বতো বহুবাৰ নাগৰিকত্ব আইন সংশোধন কৰা হৈছে বুলি মন্তব্য কৰে৷ 

আনহাতে নাগৰিকত্ব কেতিয়াও ধৰ্মৰ ভিত্তিত দিব নোৱাৰি বুলি মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অসম কেৱল অসমীয়াৰ ভূমি বুলি কয়৷ অসমৰ স্বাভিমানৰ লগত ৰাজনীতি নকৰিবলৈও বিজেপিক আহ্বান জনায় মহন্তই৷

অসমত কংগ্ৰেছ শাসনত থকাৰ কালতো কংগ্ৰেছ দলে নাগৰিকত্ব বিল সংশোধন কৰিবলৈ চেষ্টা কৰিছিল বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ 

কংগ্ৰেছে নাগৰিকত্ব বিল সংশোধন কৰিবলৈ চলোৱা প্ৰচেষ্টাক বিফল কৰি অগপৰ দুই বিধায়ক দীপক দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাত ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰাক্তন মুুখ্যমন্ত্ৰীগৰাকীয়ে৷