newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে বৃহস্পতি বাৰে নাগপুৰ স্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ৰ এক বিশেষ অনুষ্ঠানত উপস্থিত হৈ সংঘৰ স্বয়ংসেৱক সকলক সম্বোধিত কৰে৷ উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ নিমন্ত্ৰণ স্বীকাৰ কৰাৰ পিছতে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই তেওঁক তেনে সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল৷
আনকি কেইবাজনো জ্যেষ্ঠ নেতাৰ সমালোচনাৰো সন্মুখীন হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী৷ কিন্তু অনুষ্ঠানত অংশ লৈ প্ৰদান কৰা ভাষণৰ জৰিয়তে প্ৰণৱ মুখাৰ্জীয়ে তেওঁৰ বিষয়ে আলোচনা কৰা লোকসকলক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয়৷
কিন্তু ইমানৰ পিছতো প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কন্যা তথা কংগ্ৰেছ নেত্ৰী শৰ্মিষ্ঠা মুখাৰ্জীয়ে পিতৃৰ কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ শৰ্মিষ্ঠাই টুইট যোগে মনৰ ভাৱ ব্যক্ত কৰি কয় যে তেওঁ যি কথাক লৈ ভয়ভীত হৈছিল অৱশেষত সেয়াই সংঘটিত হ’ল৷
শৰ্মিষ্ঠা মুখাৰ্জীয়ে কয় যে ছচিয়েল মিডিয়াত একাংশই প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ফটো বিকৃত কৰি প্ৰকাশ কৰিছে৷ যাৰ দ্বাৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সংঘৰ অনুষ্ঠানত আৰএছএছ কৰ্মীৰ দৰে আচৰণ কৰা যেন বোধ হৈছে৷ বিজেপি আৰু আৰএছএছ-এ লেতেৰা পন্থা অৱলম্বন কৰি তেওঁ আংশকা কৰা ধৰণেই সকলোবোৰ কৰিছে বুলিও কয় শৰ্মিষ্ঠাই৷
উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে আৰএছএছৰ অনুষ্ঠান অংশ লোৱাৰ পূৰ্বেই তেওঁৰ কন্যা শৰ্মিষ্ঠাইও বিৰোধ কৰিছিল৷ শৰ্মিষ্ঠাই টুইটাৰৰ জৰিয়তে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল৷ তেওঁ টুইটাৰত লিখিছিল যে আজিয়ে এয়া প্ৰমাণ হৈ গ’ল যে বিজেপিয়ে কেনে ঘৃণনীয় লেতেৰা ৰাজনীতি কৰিব পাৰে৷
আনহাতে দিল্লী কংগ্ৰেছৰ মুখ্য প্ৰৱক্তা শৰ্মিষ্ঠা মুখাৰ্জীয়ে তেওঁৰ পিতৃৰ নাগপুৰ যাত্ৰাক লৈ টুইটাৰত লিখিছিল, ‘আৰএছএছয়ে এয়া কল্পনাও কৰিব নোৱাৰে যে আপুনি ভাষণৰ জৰিয়তে তেওঁলোকৰ বিচাৰধাৰাক সন্মান জনাব৷ কিন্তু তথাপিও আপোনাক তেওলোকে আমন্ত্ৰণ জনাইছে৷ কাৰণ, ভাষণ মানুহে এদিন পাহৰি যাব৷ কিন্তু অনুষ্ঠানত আপুনি উপস্থিত থকাৰ ফটো চিৰদিন ৰৈ যাব৷ পিছত হয়তো তাৰ ভুল প্ৰয়োগ কৰিব আৰএছএছ নামৰ উগ্ৰ হিন্দুত্ববাদী সংগঠনটোৱে৷