ডিজিটেল ডেস্কঃ প্ৰায় দুবছৰ পুৰ্বেই ৰূপায়ন হোৱা সপ্তম দৰমহা আয়োগৰ সংশোধনি নহোৱাৰ বাবে বৰ্তমানেও দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যৰ ৰাজ্যপালে লাভ কৰি আছে আমোলাতকৈও কম দৰমহা৷ সপ্তম দৰমহা আইন সংশোধনীত বিলম্ব হৈ থকাৰ বাবেই দেশৰ শীৰ্ষ আমোলা আৰু সেনা প্ৰধানতকৈও কম দৰমহা লাভ কৰি আছে ৰাষ্ট্ৰপতি সহিতে উপ-ৰাষ্ট্ৰপতিয়ে৷
উল্লেখ্য যে, যোৱা বছৰেই এই প্ৰস্থাৱনাৰ সংশোধনীৰ বাবে মোডী নেতৃত্তাধীন কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট ব্যঠকলৈ প্ৰেৰণ কৰিছিল এক দৰ্খাস্ত৷ পিচে বৰ্তমানলৈ হৈ উঠা নাই সংশোধনৰ কাম৷ অন্যহাতে, ২০১৬ৰ জানুৱাৰীত ৭তম্ দৰমহা আয়োগ বাহাল হোৱাৰ পিছত দেশৰ কেবিনেট চেক্ৰেটাৰী আৰু তিনিও সেনা প্ৰধানৰ ভিতৰত সকলোতকৈ অধিক দৰমহা ২ লাখ ৫০ হাজাৰ৷ যিটো ৰাষ্ট্ৰপতিৰ দৰমহাতকৈ অধিক৷
বৰ্তমানে ৰাষ্ট্ৰপতিৰ দৰমহা ১ লাখ ৫০ হাজাৰ, উপ-ৰাষ্ট্ৰপতিৰ ১ লাখ ২৫ হাজাৰ আৰু ৰাজ্যপালৰ ১ লাখ ১০ হাজাৰ৷ যদিহে কেন্দ্ৰীয় কেবিনট গৃহ মন্ত্ৰালয়ে দৰমহা সংশোধনী প্ৰস্থাৱনাত অনুমোদন কৰে, তেন্তে ৰাষ্ট্ৰপতিয়ে লাভ কৰিব ৫ লাখ টকা, উপ-ৰাষ্ট্ৰপতিয়ে ৩ লাখ ৫০ হাজাৰ আৰু ৰাজ্যপালে লাভ কৰব ৩ লাক টকা৷