ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা আৰম্ভ হ’ল বহু চৰ্চাৰ কেন্দ্ৰীয় বাজেট অধিবেশন৷ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে সোমবাৰে বাজেট অধিবেশন উপলক্ষে সংসদত সম্বোধন কৰে৷ ২৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা বাজেট অধিবেশন ৯ ফেব্ৰুৱাৰীত সামৰণি পৰিব৷
০১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বাজেট উত্থাপন কৰিব৷ ৰাষ্ট্ৰপতি কোৱিন্দে ভাষণ প্ৰদান কৰি সংখ্যালঘুৰ তোষণ নহয় সংখ্যালঘু উন্নয়ন কৰাই হ’ল মোডী চৰকাৰৰ মূল মন্ত্ৰ বুলি কয়৷
সোমবাৰে বাজেট অধিবেশন উপলক্ষে সংসদত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে চৰকাৰে কৃষকৰ উন্নয়নৰ বাবে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি কৈ কঠোৰ পৰিশ্ৰমেৰে কৃষকে খেতি কৰি ২৭৫ মিলিয়ন টন খাদ্য-শস্য উৎপাদন কৰা বুলি উল্লেখ কৰে৷
ৰেকৰ্ড গঢ়ি উদ্যান শস্যও ৩০০ মিলিয়ন টন শস্য উৎপাদন কৰা বুলি কয়৷ সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়ন কথা উল্লেখ কৰি সংবিধানৰ প্ৰনেতা ড০ আম্বেদকাৰৰ কথা উল্লেখ কৰে৷ সমাজিক, আৰ্থিক গণতন্ত্ৰ অবিহনে ৰাজনৈতিক গণতন্ত্ৰ সম্ভৱ নহয় বুলি কয়৷
সংবিধানৰ মৌলিক দিশ মনত ৰাখি সমাজৰ দুৰ্বল শ্ৰেণীৰ কল্যাণৰ বাবে চৰকাৰ দায়বদ্ধ হ’ব বুলি কৈ সামাজিক ন্যায়ৰ বিচাৰ, আৰ্থিক গণতন্ত্ৰ সবল কৰিবলৈ চৰকাৰে চেষ্টা কৰা বুলি কয় ৰাষ্ট্ৰপতি কোৱিন্দে৷ তিনি তালাকৰ কথা উল্লেখ কৰি শীঘ্ৰে তিনি তালাকৰ বিল গৃহিত হোৱাৰ কামনা কৰে৷ যাৰ ফলত মুছলিম মহিলাই নিৰ্ভয়ে সন্মানেৰে জীৱন যাপন কৰিব৷