newsnextone.com | গুৱাহাটীঃ পুনৰ উত্তাল হ’ব ৰাজ্যৰ ৰাজপথ৷ অসমৰ ৬ জনগোষ্ঠীৰ আবেগ জড়িত হৈ থকা জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰিবলৈ সাঁজু হৈছে ৰাজ্যৰ কেইবালাখ লোক৷ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰিবলৈ সাঁজু হৈছে ৰাজ্যৰ আবাল-বৃদ্ধ-বনিতা৷ বুধবাৰে তিনিচুকীয়াত ৬ জনগোষ্ঠীৰ ঐক্য মঞ্চই এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ জনজাতিকৰণৰ দাবীত কৰি অহা প্ৰতিবাদৰ নেতৃত্ব লৈ অহা বিনোদ পাত্ৰ, দেৱৰ্শী চেতিয়া, ধৰণী গোহাঁই, ৰূপেশ তাঁতী, বিজয় তাঁতী, দুৰ্গা কোৱৰ, দুলাল বৰুৱা, অৰুণ জ্যোতি মৰাণ, লিটুল বৰগোহাঁই, ৰাজেন কুমাৰ, ডেভিদ চেতিয়া, তৰুণ কুমাৰ চেতিয়া, নৱ মৰাণ, উদয় শংকৰ মহণ, যতীয় দিহিঙীয়া, ঋতু শইকীয়া, মিলন বুঢ়গোহাঁই সংবাদমেলত উপস্থিত থাকি বিজেপি চৰকাৰক ঠগৰ চৰকাৰ আখ্যা দিয়ে৷ 

►২৭ জুনত গুৱাহাটীত অৱস্থান ধৰ্মঘট৷
►১৭ জুলাইত তিনিচুকিয়া নগৰত গণসমাবেশ৷
►২১ জুলাইত তিনিচুকিয়া নগৰত গণসমাবেশ৷
►২৪ জুলাইত ৪৮ ঘণ্টীয়া অসম বন্ধ৷
►৩০ জুলাইত দিল্লীত ১০ ঘণ্টীয়া গণ অনশন৷

এইখন মিচলিয়া-ঠগৰ চৰকাৰ৷ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ বক্তব্যই বিজেপিৰ এই মিথ্যাচাৰ প্ৰমাণিত কৰিছে বুলি উল্লেখ কৰে৷ মন্ত্ৰীজনে অসমৰ খিলঞ্জীয়াৰ দাবিক চুড়ান্ত অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰে৷ তিনিচুকিয়াৰ হোটেল কিৰণ ৰেছিডেন্সিত অনুষ্ঠিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ এখন বিশেষ কাৰ্যনিৰ্বাহৰ অন্তত জনজাতিকৰণৰ দাবীৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰি সিদ্ধান্তৰ বিৰুদ্ধে দীৰ্ঘ প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে৷ ২৭ জুনৰ পৰা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ ঘোষণা কৰে৷ ২৭ জুনত গুৱাহাটীত অবস্থান ধৰ্মঘট, ১৭ জুলাইত তিনিচুকিয়া চলিহা নগৰ খেলপথাৰত গণসমাবেশ, ২১ জুলাইত  তিনিচুকিয়া চলিহা নগৰ খেলপথাৰত গণসমাবেশ ২৪ জুলাইত ৪৮ ঘণ্টী অসম বন্ধ, ৩০ জুলাইত দিল্লীত ১০ ঘণ্টীয়া গন অনশন কাৰ্যসূচী ৰূপায়ন কৰিব সংগঠনসমূহে৷

উল্লেখ্য যে, অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ অনিশ্চয়তাত বুলি কলেও বঢ়াই কোৱা নহ’ব৷ শেহতীয়াকৈ ভাৰ চৰকাৰে প্ৰকাশ কৰা মতে, কেন্দ্ৰ চৰকাৰৰ হাতত নাই অসমৰ ৬ জনগোষ্ঠীৰ সাংস্কৃতিক, ভাষীক কোনো তথ্য৷ এটি জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ বাবে যিমান খিনি সমল লাগে সেয়া অসম চৰকাৰে তেনে কোনো তথ্য কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ক জমা দিয়া নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ মুঠৰ ওপৰত অসম চৰকাৰে যোৱা ২৫ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰক ৬ জনগোষ্ঠীৰ কোনো তথ্য জমা দিয়া নাই৷

দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি জনাজতি মন্ত্ৰালয়ে ভাৰবৰ্ষত এটা জনগোষ্ঠীক জনজাতিকৰণ কৰবিলৈ প্ৰায় ৪০ বছৰৰ প্ৰয়োজন বুলি কয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় অসমৰ ৬ জনগোষ্ঠীক জনজাতিকণ কৰিবলৈ ৪০ বছৰৰ প্ৰয়োজন হ’ব৷ দেশৰ জনজাতি আয়োগ, মহাপঞ্জীয়কৰ অনুমোদন, ৰাজ্য চৰকাৰৰ অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে জনজাতিকৰণ হয় বুলি খোদ মন্ত্ৰীয়ে উল্লেখ কৰে। অসমৰ ৬ দনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰে ইচ্ছা প্ৰকাশ নকৰাৰ কথাটোৱে ওলাই পৰে৷

কিয়নো বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি দিছিল ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ৷ যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷ 

জনগোষ্ঠীকেইটাক প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীয় সংগঠনৰ নেতাৰ নেতৃত্বত ৰাজপথ কঁপাই তুলিছিল জনজাতিকৰণৰ দাবীত৷ জনগোষ্ঠীসমূহৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত তেজ দিম তথাপিও জনাজতিকৰণ লৈহে এৰিম বুলি শ্ল’গান দিছিল নেতাসকলে৷ নেতাসকলৰ আহ্বানত হাজাৰ হাজাৰ নিজ জনগোষ্ঠীৰ লোক ৰাজপথলৈ ওলাই আহিছিল৷ চৰকাৰক ব্যতিব্যস্ত কৰি তুলিছিল৷ চৰকাৰে বাৰে বাৰে আশ্বাস দিছিল যদিও জনগোষ্ঠীসমূহৰ সহজ-সৰল ৰাইজ বাৰে বাৰে জনজাতিকৰণৰ পৰা বঞ্চিত হৈছিল৷ 

ৰাইজে আৱেগেৰে ওলাই আহি জনজাতিকৰণ বিছাৰিছিল৷ ৰাজ পথ কঁপাই চৰকাৰক সকীয়াই দিছিল তোমালোকে আমাক যদি জনজাতিকৰণ নিদিয়া তেন্তে তোমোলোকক আমি শাসনৰ গাদীত নাৰাখো৷ হয়, ৰাইজৰ মতেই হ’ল কংগ্ৰেছৰ চৰকাৰ শাসনৰ পৰা আতৰি যোৱাৰ লগতে ২০১৪ চনত নতুন ৰাজনীতি আৰম্ভ হ’ল৷ ২০১৪ চনত বিজেপিৰ বতাহ বলিল৷ গৰম হ’ল সমগ্ৰ দেশৰ পৰিৱেশ৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশ ব্যাপি কংগ্ৰেছৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলিল৷ 

কংগ্ৰেছ সেই বতাহত থিয় থাকিব নোৱাৰি ধৰাশয়ী হ’ল৷ তাৰ লগে লগে অসমৰ ৬ জনগোষ্ঠীৰ দাবী কৰি অহা নেতৃত্বই ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে বিজেপিৰ সৈতে জনজাতিকৰণৰ দাবীত আলোচনাত বহে৷ আলোচনাত বহাৰ কালত বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে কম দিনৰ ভিতৰতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ আশ্বাস দিয়া বুলি প্ৰকাশ কৰিছিল প্ৰতিবাদৰ নেতৃত্ব গ্ৰহণ কৰি অহা নেতৃত্বই৷ 

২০১৪ চনত চৰকাৰ গঠন হ’ল বিজেপিৰ৷ বাৰে বাৰে প্ৰতিবাদী নেতৃত্বই পুনৰ জনজাতিকৰণৰ দাবী জনাই কৰিলে প্ৰতিবাদ৷ নিৰ্বাচনৰ পূৰ্বে চৰকাৰ গঠন কৰিব পাৰিলেই বিজেপিয়ে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বাৰে বাৰে এটাৰ পিছত এটাৰ সমস্যাৰ সৃষ্টি কৰি মাহৰ পিছত মাহ পাৰ কৰি পুনৰ ৫ বছৰ পাৰ হ’বৰ হ’ল৷ ২০১৯ চনত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু ২০১৪ চনৰ পূৰ্বে যিটো গতিত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল তেনেদৰে বিজেপি তথা মোডী চৰকাৰৰ বিৰুদ্ধে ৬ জনগোষ্ঠীৰ নেতৃত্বই প্ৰতিবাদ কৰা দেখা নগ’ল৷ 

গণ অধিকাৰ সংগ্ৰাম সমিতি, আটাছু, মৰাণ ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা আদি সংগঠনে তেনেদৰে প্ৰতিবাদ আগুৱাই নিব নোৱাৰিলে৷ সংগঠনকেইটাই জানিছিল যে ২০১৭ চনৰ ৩০ জুনলৈকে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ অন্তিম সময়সীমা আছিল যদিও মডেলিটিৰ নামত তিলমানো গুৰুত্ব নিদি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কেৱল ৰাজনীতিহে কৰিলে৷