ডিজিটেল ডেস্কঃ পাঠদান চলি থকা সময়তেই বিদ্যালয়ক বিউতি পাৰ্লাৰলৈ পৰিণত কৰে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে। ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰাৰ পৰিবৰ্তে নিজৰ প্ৰসাধনক হে অধিক গুৰুত্ব দিয়ে।বিদ্যালয় খনৰ খোদ প্ৰধান শিক্ষয়ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক পাঠ পঢ়িবলৈ দি নিজে ফেচিয়েল কৰাত ব্যস্ত হৈ পৰে৷ বৰ্তমানে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ফেচিয়েল কৰি থকা অৱস্থাত শিক্ষয়ত্ৰী গৰাকীৰ ভিডিঅ’৷

উত্তৰ প্রদেশৰ গোৰখপুৰৰ শিৱপুৰ এলেকাৰ এখন চৰকাৰি বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ফেচিয়েল কৰি থকা অৱস্থাৰ ভিডিঅ’ কৰি ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল এজন ব্যক্তিয়ে। সকলো স্পষ্ট ভাৱে পৰিলক্ষিত হলেও এই বিষয়ে মন্তব্য কৰাত আপত্তি প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ। তেওঁৰ অভিযোগ, ষড়যন্ত্রৰ বলি হৈছে তেওঁ। কোনোৱে হেনো তেওঁক মিছা অপবাদ দিছে৷ এই ভিডিঅৰ কোনো বাস্তৱিকতা নাই।

আনহাতে শিক্ষয়িত্ৰীগৰাকীৰ এনে কৰ্ম-কাণ্ড দেখি ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতক লৈ চিন্তাত পৰে অভিভাৱক সকল৷