ডিজিটেল ডেস্কঃ সম্ভৱতঃ পিত বস্ত্ৰধাৰী সাধু-সন্যাসীয়েই এইবাৰো হব লাগিব অম্বুবাচী মেলাৰ ব্ৰেণ্ড এম্বেছাডৰ। কিয়নো নীলাচলৰ বুকুৰ এই পৱিত্ৰ পৰ্বৰ বিষয়ে বিশ্বক জনাবলৈ সময় নাই অসমৰ চৰকাৰে নিযুক্ত কৰা চেলিব্ৰিটী ব্ৰেণ্ড এম্বেছাডৰৰ।
ৰাজ্যৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে চৰকাৰে দায়িত্ব দিয়া উচ্ছল যৌৱনা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা অতিশয় ব্যস্ত। সাত সাগৰ তেৰ নদীৰ সিপাৰেও যশস্যা অৰ্জন কৰা অভিনেত্ৰীগৰাকী এতিয়া আছে আমেৰিকাত।
মঙলবাৰৰ পৰা দেশখনত আৰম্ভ হৈছে তেওঁৰ ছবি এ কি লাইক জেকৰ শ্বুটিং। হলীউডৰ দ্বিতীয়খন চলচ্চিত্ৰত অভিনয়ৰ সুযোগ পাই তেওঁ গৌৰৱান্বিত কৰিছে দেশক। পিছে একে সময়তে ক্ষতিগ্ৰস্ত হৈছে অসম। কিয়নো ৰাজ্যৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে প্ৰিয়ংকাৰ নামত খৰচ হৈছে ৰাজহুৱা ধন।
সত্য এয়ে যে দায়িত্ব গ্ৰহণ কৰিলেও একমাত্ৰ অসম চৰকাৰৰ বাবেই সময় তেওঁ দিব নোৱাৰে। পিছে নীলাচলৰ বুকুত অম্বুবাচী মেলাক হৈছে অসমৰ পৰ্যটনৰ উল্লেখনীয় পৰিচয়। গতিকে এই সময়ত ৰাজ্যত তেওঁৰ উপস্থিতি আছিল প্ৰয়োজনীয়।
কিছুদিন পূৰ্বে এই সময়ছোৱাত অসমলৈ প্ৰিয়ংকা আহিব বুলি প্ৰচাৰ চলিছিল। পিছে সময়ত সকলো ফুটুকাৰ ফেন হ'ল। মুঠতে অসমৰ বাবে এতিয়া আহৰি নাই ব্ৰেণ্ড এম্বেছাডৰৰ।