newsnextone.com | ডিজিটেল ডেস্কঃ লালু পুত্ৰ তেজ আৰু ঐশ্বৰ্য্যৰ বিয়াৰ মাজতে লাগিল গণ্ডগোল৷ পাতনাত আয়োজিত তেজ-ঐশ্বৰ্য্যৰ বিয়া চলি থকাৰ সময়তে একাংশ নিমন্ত্ৰিত লোকে খাদ্য সামগ্ৰী দলিওৱাৰ লগতে বাচন পত্ৰ আদি ভাঙিবলৈ ধৰে৷ আনকি তেজপ্ৰতাপৰ বিবাহত নিমন্ত্ৰিত সাংবাদিকসকলৰ ওপৰতো আক্ৰমণ হয়৷ 

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ বিবাহ শনিবাৰে ঐশ্বৰ্য্য ৰায়ৰ লগত সম্পন্ন হয়৷ কিন্তু চৰ্চিত আৰু ব্যয়বহুল বিবাহখনত মাজভাগতে পয়মাল লাগে৷ জনতা দলৰ কিছু কৰ্মকৰ্তাই বিয়াত অনাধিকাৰ প্ৰৱেশ কৰি খাদ্যসামগ্ৰী দলিয়াবলৈ আৰম্ভ কৰে৷ আনহাতে উদণ্ড যুৱক কেইজনমানে বিয়াৰ ৰভাতলৰ চকী-টেবুল আদি ভঙাৰ উপৰিও বহু সামগ্ৰী লুট কৰে৷

জানিব পৰা মতে, শিল্পী, অভিনেতা, নেতা, সাংবাদিককে ধৰি তেজ প্ৰতাপৰ বিবাহ উপলক্ষে প্ৰায় ৭ হাজাৰ লোকক নিমন্ত্ৰণ কৰা হৈছিল৷ কিন্তু বিবাহ পৰ্বৰ মাজতে বহু লোক অনিমন্ত্ৰিত ভাৱে বিবাহ অনুষ্ঠানত উপস্থিত হয়৷ যাৰ ফলত বিশাল সংখ্যক অতিথিক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ হৈ পৰে৷ ৰাষ্ট্ৰীয় জনতা দলৰ কেইবাগৰাকী কৰ্মকৰ্তাও বিয়াত অনিমন্ত্ৰিতভাৱে প্ৰৱেশ কৰে৷ 

বিয়াৰ অভ্যৰ্থনাৰ পৰিচালনা নিয়ন্ত্ৰনহীন হৈ পৰাত ক্ষুন্ন হৈ ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মী কেইজনে বিয়াৰ সামগ্ৰীবোৰ ভাঙিবলৈ আৰম্ভ কৰে৷ বাচন বৰ্তনৰ পৰা আদি কৰি চকী-টেবুল সকলোবোৰ এফালৰ পৰা ভাঙিবলৈ ধৰে দলৰ উদণ্ড কৰ্মীকেইজনে৷ ইয়াৰ উপৰিও সুযোগ বুজি তেওঁলোকে লুটপাত চলায় আৰু বহু মূল্যবান সামগ্ৰী চুৰ কৰি লৈ যায়৷ এই ঘটনা বিয়াৰ দৰা তেজ প্ৰতাপে কইনা ঐশ্বৰ্য্যক বৰমালা পিন্ধোৱাৰ ক্ষন্তেক সময় আগতেই সংঘটিত হয়৷ 

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় জনতা দলৰ কেইগৰাকীমান জ্যেষ্ঠ নেতাই লাঠি আদি ব্যৱহাৰেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ উদণ্ড কৰ্মীকেইজনে বিয়াঘৰত লুটপাত চলাই বিয়াঘৰৰ পৰা আঁতৰি যায়৷ ইফালে বিয়া পৰিচালনা সঠিকভাৱে নহোৱাৰ বাবেই এই কাণ্ড সংঘটিত হোৱা বুলি বিভিন্নজনে মত ব্যক্ত কৰিছে৷