শতাধিক প্ৰতিবাদকাৰীৰ শ্ল'গানেৰে উত্তাল ৰাজপথ
খাৰুপেটীয়াঃ দৰঙৰ বিভিন্ন ঠাইত চলি থকা তীৰ জুৱা, ভাং, মদ, গুটখা, ড্ৰাগছ আদি বিভিন্ন নিচাযুক্ত দ্ৰব্য আৰু বাল্য বিবাহ ৰোধ কৰাৰ দাবীত আজি ইত্তেহাদ ফ্ৰন্ট নামৰ সংগঠনটোৱে দৰঙৰ খাৰুপেটীয়া টাউনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল উলিয়াই বাল্য বিবাহ বন্ধ কৰক, তীৰ জুৱা, নিচাজাতীয় দ্ৰব্য সেৱন বন্ধ কৰক, আদি শ্লগানেৰে উত্তাল কৰি তোলে৷
ইত্তেহাদ ফ্ৰন্ট অসমৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছলামৰ উপস্থিতিত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক সমৰ্থকে অংশ গ্ৰহন কৰে৷
আবেলি ৩ বজাত খাৰুপেটীয়া টাউনৰ পৰা উলিওৱা উক্ত কাৰ্য্যসূচীত সংগঠনটোৰ ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰী সভাপতি আব্দুৰ ৰৌফ, সাংগঠনিক সম্পাদক আব্দুল জলিল, সোলেমান আলী, শ্বৰীফুল ইছলাম সাধাৰণ সম্পাদক জিয়াৰুল হক, ওমৰ আলী উপস্থিত থাকে৷
উল্লেখযোগ্য যে সংগঠনটোৱে তীৰ জুৱা, অবৈধ সুৰাৰ বেহা আদি ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ভুমিকা সন্তোষজনক নহয় বুলি দাৱী কৰে আৰু আৰক্ষী প্ৰশাসনক এই ক্ষেত্ৰত অধিক কঠোৰ পদক্ষেপ গ্রহনৰ দাবী জনাইছে৷ অন্যথা সংগঠনটোৱে অনাগত দিনত ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে ৷