নাগ্ৰীজুলিঃ বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি অঞ্চলৰ তীৰ-জুৱা খেলুৱৈ হুছিয়াৰ৷ কিয়নো জনগোষ্ঠীয় সংগঠনে খোদ জুৱাৰীক দিব শাস্তি৷ বজাৰত বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ স্থানীয় এবছু, আছু, চানতাল ছাত্র সন্থা, আগছু, আটছা, আছা, বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনকে ধৰি মুঠ সাতটাকৈ জাতীয় ছাত্ৰ সংগঠনে লগ লাগি গঠন কৰা গ্ৰেটাৰ নাগ্ৰীজুলি ষ্টুডেন্টচ্ অৰ্গেনাইজেচনৰ উদ্যোগত আৰু জনকল্যাণ ট্ৰেডিং কোঅপাৰেটিভ চোচাইটি লিমিটেডৰ সহযোগত নাগ্ৰীজুলি অঞ্চলত ব্যাপক হাৰত চলি থকা তীৰ, জুৱা আৰু অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাৰ দাবীত আজি দিনৰ ১০.৩০ বজাৰ পৰা ১২.৩০ বজালৈ দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷
এই প্ৰতিবাদী কাৰ্যসূচীত সাতটাকৈ ছাত্ৰ সংগঠনৰ বিষয়ববীয়া, নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী, স্থানীয় সমাজকৰ্মী, বিশিষ্ট ব্যক্তিসকলে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড আদি লৈ নাগ্ৰীজুলিত তীৰ-জুৱা-সুৰা বন্ধ কৰক, তীৰৰ এজেন্ট মুৰ্দাবাদ, জুৱাৰ অবাধ প্ৰচলন বন্ধ কৰক, তীৰৰ দালাল সাৱধান, তীৰ-জুৱা-সুৰা সামাজিক ব্যাধি বন্ধ কৰক আদি শ্ল’গান দি নাগ্ৰীজুলি বজাৰৰ আকাশ বতাহ উত্তাল কৰি তোলে।
ছাত্র সংগঠনৰ নেতাসকলে প্ৰতিবাদস্থলীত ভাষণ ৰাখি কয় যে বৃহত্তৰ নাগ্রীজুলি অঞ্চলত তীৰ, জুৱা, মদৰ অবাধ প্রচলন হোৱাত অঞ্চলটোৰ যুৱ প্ৰজন্ম বেয়াকৈ প্ৰভাৱান্বিত হৈছে। এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজেও সজাগ হোৱা উচিত আৰু এনে সামাজিক ব্যাধি বন্ধ কৰাৰ ক্ষেত্ৰত ছাত্র সংগঠনৰ লগতে ৰাইজেও আগবাঢ়ি আহিব লাগিব।
নাগ্রীজুলি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ঘনশ্যাম শৰ্মাইও বৃহত্তৰ নাগ্রীজুলি অঞ্চলত তীৰ, জুৱাৰ কু-প্ৰভাবৰ বিষয়ে বক্তব্য দাঙি ধৰে আৰু এই ব্যাধি বন্ধ কৰাৰ ক্ষেত্ৰত সকলোকে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়। আনহাতে নাগ্ৰীজুলিত অতি শীঘ্ৰে তীৰ -মদ -জুৱা বন্ধ নকৰিলে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি দিয়ে ছাত্ৰ সংগঠনসমূহে ৷
পিছত তামুলপুৰ মহকুমাৰ সহকাৰী আয়ুক্ত আদিত্য গগৈৰ জৰিয়তে তামুলপুৰ মহকুমাৰ মহকুমাধিপতিলৈ তীৰ- জুৱা-সুৰা বন্ধ কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ সংগঠন সমুহে। নাগ্রীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে বাক্সা জিলাৰ আৰক্ষী অধীক্ষকলৈও ছাত্র সংগঠনসমূহে পৃথককৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷
ইপিনে স্মাৰক পত্ৰ গ্ৰহণ কৰি সহকাৰী আয়ুক্ত আদিত্য গগৈয়ে নাগ্রীজুলিত তীৰ-জুৱা-অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাৰ ক্ষেত্ৰত তামুলপুৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। লগতে সংগঠন কেইটাই তীৰ-জুৱা খেলুৱৈ খোদ শাস্তি দিব বুলিও ঘোষণা কৰো৷