চাবুৱাঃ তিনিচুকীয়া মহাবিদ্যালয় অধ্যক্ষ ড০  ভূৱন গগৈৰ অসামাজিক আচৰণৰ প্ৰতিবাদত  আজি  সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে তিনিচুকীয়া মহাবিদ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক পলিন্দ বড়া আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি সত্যজিৎ দুৱাৰাই ২০ জুনৰ আবেলি ৩ বজাত তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূৱন গগৈক সাক্ষাৎ কৰি এখন আবেদন পত্ৰ প্ৰদান কৰিবলৈ গৈছিল।

মহাবিদ্যালয়খনৰ জিৰণি কোঠাত ছাত্ৰ নেতা দুজনক অধ্যক্ষ ড০ ভূৱন গগৈয়ে অশ্লীল ভাষাৰে ককৰ্থনা কৰাৰ লগতে ভয়ংকৰ মূৰ্তি ধৰি প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল বুলি সংগঠনটোৱে এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰিছিল।

অধ্যক্ষৰ অসামাজিক আচৰণৰ প্ৰতিবাদতে আজি সংগঠনটোৰ একাংশই মহাবিদ্যালয়খনৰ মূল গেটত তলা ওলমাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।