গুৱাহাটীঃ মহানগৰীৰ দীঘলীপুখুৰী পাৰত জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলন আৰু সদৌ কলিতা ছাত্ৰ সন্থাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷

দুই শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰক শীঘ্ৰে কলিতা জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীক আগুৱাই নিবলৈ অহা বিধানসভা অধিৱেশনত বিশেষজ্ঞ সমিতি গঠন কৰাৰ দাবী উত্থাপন কৰে।

ব্ৰহ্মপুত্ৰৰ বুকুত থকা দ্বিতীয়খন দলং আদিৰজা ভগদত্তৰ নামেৰে আৰু অৰ্ধনিৰ্মিত বগীবিল দলংখন স্বাধীনতা সংগ্ৰামী তথা কলিতা ৰজা খ্যাত মণিৰাম দেৱানৰ নামেৰে নামাকৰণ কৰাৰ দাবী জনায়।

কলিতা জনগোষ্ঠীৰ শৈক্ষিক দিশতো ৰাজ্য চৰকাৰে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই।

কলিতা জনগোষ্ঠীক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰা, প্ৰকল্প নিৰ্মাণৰ আৱন্টিত ভূমিৰ ধন মোকলাই দিয়া, উন্নয়ন পৰিষদ গঠন কৰা আদিৰ দাবীত বিভিন্ন শ্ল’গানেৰে দীঘলী পুখুৰী পাৰ উত্তাল কৰি তোলে।

কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ স্থানীয় সহকাৰী আৰক্ষী আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। শীঘ্ৰে দাবীসমূহ সমাধান নকৰিলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ  হুংকাৰ দিয়ে সংগঠন কেইটাই।