গৰৈমাৰীঃ পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে দক্ষিণ কামৰূপৰ গৰৈমাৰী বজাৰৰ সমীপৰ বাসিন্দাসকলক। বিশেষকৈ তুলসী কলিতা এম ই স্কুললৈ যোৱা পথটো তেনেই জৰাজীৰ্ণ হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।
এজাক বৰষুণতে বোকা-পানীৰে ভৰি পৰা পথটোৰে ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুলভাৱে বিদ্যালয়লৈ আহ-যাহ কৰিবলগীয়া হোৱাত আজি ৰাইজে হাতে হাতে কোৰ লৈ ওলাই আহি পথটো মেৰামতি কৰিবলৈ উঠি-পৰি লাগে।আনিক গাঁঠিৰ ধন খৰছ কৰি ইটাও কিনি আনি পথটোত পাৰি দি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে আহ-যাহ কৰিব পৰা কৰি দিয়ে।
উল্লেখ্য যে বিগত ২০১৪-১৫ বৰ্ষত গৰৈমাৰী জামে মছজিদৰ পৰা তুলসী কলিতা এম ই স্কুললৈ যোৱা জৰাজীৰ্ণ পথটো মেৰামতিৰ বাবে টিএফচি ফাণ্ডৰ পৰা প্ৰায় এক লক্ষাধিক টকাৰ আঁচনি ধাৰ্য কৰিছিল যদিও পথটো মেৰামতি কৰা নহ'ল। গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যই অলপ মাটি পেলাই সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
স্থানীয় ৰাইজে জনোৱা মতে, গৰৈমাৰী উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীৰ লগতে কেবাগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতিৰ অভিযোগত জেলৰ ভাত খাবলগীয়া হৈছে। পঞ্চায়ত প্ৰতিনিধিসকলে নিজকে সুৰক্ষিত আৰু দুৰ্নীতিৰ পৰা ৰেহাই পাবৰ বাবে ইতিমধ্যে অগপ দলত যোগদান কৰি ধোৱা তুলসীৰ পাত হ’ব বিছাৰিছে বুলিও ৰাইজে অভিযোগ কৰে।