নতুন দিল্লীঃ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ আজি ৪৯ সংখ্যক জন্মদিন। ওপজা দিনত ৰাহুল গান্ধীক শুভেচ্ছা জনালে কংগ্ৰেছৰ নেতা–কৰ্মীসকলে। কংগ্ৰেছে নিজৰ টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক ওপজা দিনৰ ওলগ জনায়। এই ভিডিঅ’টোত ৰাহুল গান্ধীৰ কিছু স্মৰণীয় মুহূৰ্ত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ৰাহুল গান্ধীৰ ৫টা কথা হাইলাইট কৰা হৈছে ভিডিঅ’টোত।

ইফালে কংগ্ৰেছ সদস্যসকলে ৰাহুল গান্ধীৰ বাসভৱনৰ সন্মুখত পূজা কৰাও দেখা গৈছে। দলৰ মুখ্য কাৰ্যালয়ত ৰাহুল গান্ধীয়ে সাংবাদিকসকলক লাড্ডু বিতৰণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটাৰযোগে জন্মদিনৰ শুভেচ্ছা জনালে ৰাহুল গান্ধীক। মোডীয়ে কয়, ‘কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰিছোঁ।’ ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।