ডিজিটেল ডেস্কঃ গুজৰাটত যোৱা দুমাহ ধৰি বলিছে নিৰ্বাচনৰ গৰম বতাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ জিলাত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনত কংগ্ৰেছ-শাসকীয় বিজেপি দল পিছ পৰি থকা নাই। নৰেন্দ্ৰ মোডী যদি ডালে ডালে যুৱৰাজ ৰাহুল গান্ধীয়ে পাতে পাতে। যোৱা দেৰমাহ ধৰি ৰাহুল গান্ধীয়ে ব্যস্ত হৈ পৰিছে গুজৰাট নিৰ্বাচনত।
দিনে-নিশাই গুজৰাটত বাহৰ পাতি নিৰ্বাচনৰ সভাত অংশ গ্ৰহণ কৰা দেখা গৈছে। ব্যৱসায়ীৰ সৈতে কথা পতাৰ লগতে বৰ বৰ সভা আয়োজন কৰি ভোট ভিক্ষা কৰা পৰিলক্ষিত হৈছে। ৰাজ্য খনত ভোটদানৰ বাবে মাজত মাথো কেইটামান দিন। পুনৰ ৰাহুলে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তিনিদিনিয়া কাৰ্যসূচীৰে শণিবাৰে গুজৰাটত উপস্থিত হয়। কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে এই যাত্ৰাৰ আৰম্ভ কৰে অক্ষয়ধাম মন্দিৰৰ পৰা৷
মন্দিৰৰ পৰা বাহিৰে বাহিৰে গান্ধীনগৰৰ চিলোৰাত সাধাৰণ জনতাৰ সৈতে মত-বিনিময় কৰি কয় য,‘শুকুৰবাৰে GSTক লৈ যি সিদ্ধান্ত ললে তাৰ কাৰণে চৰকাৰখন প্ৰশংসাৰ যোগ্য৷ কংগ্ৰেছ পাৰ্টী আৰু ভাৰতৰ জনগণৰ চেষ্টাৰ বাবেই বিজেপিয়ে এই সিদ্ধান্ত লবলৈ বাধ্য হ’ল৷ যাৰ কাৰণে তেওঁলোকে ২৮ শতাংশ ৰ পৰা ১৮ শতাংশ লৈকে কৰ হ্ৰাস কৰিছে৷’
তেওঁ লগতে কয় যে, ‘কিন্তু আমি সুখি নহয়, এতিয়াৰে পৰা আমি আৰু ৰৈ নাথাকো৷ আমি তেতিয়াহে শান্ত হ’ম যেতিয়া গুজৰাট সহিতে সমগ্ৰ ভাৰতবৰ্ষ গব্বৰ সিং টেস্কৰ পৰা মুক্ত হৈ সচা অৰ্থত GST প্ৰয়োগ কৰিব৷ ভাৰতত ৫ টা বেলেগ বেলেগ কৰৰ প্ৰয়োজন নাই৷ সকলোৰে কৰৰ পৰিমাণ এটাই হ’ব লাগে৷ এই GST আৰু বিমুদ্ৰাকৰণৰ বাবে সমগ্ৰ দেশতে এতিয়া বহুতো লোক নিবনুৱা হৈ পৰিলে৷’ এনেধৰণৰ মন্তব্য কৰি ৰাহুল গান্ধীয়ে মোডী চৰকাৰ খনক কটাক্ষ কৰে।