ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছে ‘সংবিধান বচাও’ অভিযান৷ দিল্লীৰ লালকটোৰা ষ্টেডিয়ামৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত সোমবাৰে পুৱাৰ পৰা আৰম্ভ কৰা ‘সংবিধান বচাও’ অভিযানৰ লক্ষ্য হৈছে সংবিধান আৰু দলিত সকলৰ ওপৰত হৈ থকা অত্যাচাৰ ৰোধ কৰাৰ দাবী ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰা৷ 

আগন্তক বছৰৰ ১৪ এপ্ৰিল অৰ্থাত বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ জন্মজয়ন্তী দিৱসৰ দিনালৈ চলিবলগীয়া ‘সংবিধান বচাও’ অভিযানৰ জৰিয়তে দলিত সকলক মাজত নিজৰ ২০১৯ নিৰ্বাচনৰ বাবে নিজৰ ভেটি সুদৃঢ় কৰিব বিচাৰিছে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ উল্লেখ্য যে ভাৰতবৰ্ষত প্ৰায় ১৭ শতাংশ দলিত ভোট আছে৷ 

ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই অভিযানত প্ৰাক্তন প্ৰধানমন্ত্ৰী মোনমোহন সিং, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদ, মল্লিকাৰ্জুন খড়গে আৰু সুশীল কুমাৰ শিন্দে সহ ভালেকেইজন কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰিব৷ ইয়াৰ বাহিৰেও নগৰপালিকা আৰু পঞ্চায়ত সমিতিসমূহত কৰ্মৰত দলিত সম্প্ৰদায়ক লোক সমূহেও এই অভিযানত অংশ ল’ব৷ 

‘‘বিজেপি চৰকাৰৰ দিনত সংবিধান এতিয়া সংকটজনক অৱস্থাত আছে৷ তদুপৰি দলিত সকলৰ শিক্ষা আৰু চাকৰিৰ বাবে কোনো সুবিধা চৰকাৰে প্ৰদান কৰা নাই৷ সেইবাবে আমি সংবিধান সুৰক্ষা আৰু দলিত সকলৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত এই অভিযানৰ আৰম্ভ কৰিছো৷’’- সংবিধান বচাও অভিযানৰ লক্ষ্যৰ সম্পৰ্কে অৱগত কৰি বিজেপি চকাৰৰ ক্ষুৰধাৰ সমালোচনাৰে এনেদৰে কয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই৷ 

ইফালে কংগ্ৰেছৰ অনুসূচিত জাতি কোষৰ সভাপতি বিপিন ৰাউটে প্ৰকাশ কৰা এটা মন্তব্যত দাবী জনায় কয় যে ২০১৪ চনত যেতিয়াৰ পৰা বিজেপি শাসনলৈ আহিছে, কিবা নহয় কিবা প্ৰকাৰে হলেও ভাৰতৰ সংবিধানখনৰ ওপৰত আক্ৰমণ চলিব লাগিছে৷ যাৰ ফলত সমাজৰ বঞ্চিত বুলি জ্ঞান কৰা লোকসকলে সংবিধানিক অধিকাৰ লাভ কৰিবলৈ অক্ষম হৈছে৷ 

তেওঁ দাবী কৰিছে যে বিজেপি আৰু আৰএছএছে লগ লাগি অনুসূচিত জাতি আৰু জনজাতিসমূহে লাভ কৰা সমাজিক সুৰক্ষা ভংগ কৰিবলৈ চেষ্টা চলাই আছে৷ হিন্দুত্ববাদী আৰএছএছৰ চিন্তাধাৰ সংবিধানৰ ওপৰত আক্ৰমণ কৰাৰহে বুলি কৈ কংগ্ৰেছে কেতিয়াও এনে হ’বলৈ নিদিয়ে বুলি দাবী জনায় ৰাউটে৷