ডিজিটেল ডেস্কঃ কেমব্ৰিজ এনালাইটিকাৰ ফেচবুকৰ ডাটা ফাদিলৰ বিষয়টোৱে বিশ্বজুৰি বিতৰ্কৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাহুল গান্ধীক ডাটাচোৰ আখ্যা দিছিল ৰবিশংকৰ প্ৰসাদে। এইবাৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নমো এপচ’ৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ ডাটা সংগ্ৰহ কৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে ব্যংগ টুইট কৰি কয়, ‘হাই, মোৰ নাম নৰেন্দ্ৰ মোডী৷ মই ভাৰতৰ প্ৰধানমন্ত্ৰী হয়৷ যেতিয়াই আপোনালোকে মোৰ নমো এপচ’ত নাম পঞ্জীয়ণ কৰিব, তাৰ লগে লগেই মই আপোনালোকৰ সম্পূৰ্ণ ঠিকনা মোৰ বন্ধুলৈ (আমেৰিকা কোম্পানী) প্ৰেৰণ কৰিম’৷  

ফ্ৰান্সৰ গৱেষক ইলিয়ট এল্ডাৰছনে কিছুদিন পূৰ্বে কৰা এটা মন্তব্যৰ পোষকতা কৰি কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে মোডীক কটাক্ষ কৰে৷ এল্ডাৰছনে তোলা অভিযোগ অনুসৰি, যি সকল লোকে নৰেন্দ্ৰ মোডীৰ এপচ’টো ডাউনলোড কৰে, ব্যৱহাৰকাৰীসকলে পঞ্জীয়ণ কৰা সম্পূৰ্ণ বিৱৰণ ব্যৱহাৰকাৰীৰ অজ্ঞাতে অামেৰিকা কোম্পানী ‘ক্লিয়াৰ টেপে’ লাভ কৰে৷ 

ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত বিজেপিয়ে কয়, কংগ্ৰেছৰ অধ্যক্ষগৰাকী টেকন’লজিৰ দিশটোত একেবাৰে জ্ঞানহীন৷ ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ডাটা সংগ্ৰহৰ মিছা অভিযোগ উত্থাপন কৰি কেমব্ৰিজ এনালাইটিকাৰ ডাটা চুৰি বিষয়টোত কংগ্ৰেছ সমৰ্থকসকলৰ ধ্যান ভংগ কৰিব বিচাৰিছে৷ প্ৰধানমন্ত্ৰীয়ে নমো এপচ’ৰ যোগেদি দেশবাসী তথা বন্ধুবৰ্গলৈ সংবাদ প্ৰেৰণ কৰাতহে ব্যৱহাৰ কৰি আহিছে বুলি মতপোষণ কৰে বিজেপিয়ে৷             

উল্লেখ্য যে, ব্ৰিটেইনৰ ডাটা কোম্পানী কেমব্ৰিজ এনালাইটিকাৰ সহায় লোৱাৰ বিষয়টো পোহৰলৈ অহাৰ পাছৰে পৰা বিজেপি-কংগ্ৰেছৰ মাজত বাকযুদ্ধ তথা আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত আছে৷ বিগত সপ্তাহত বিজেপিয়ে সংবাদমেলৰ জৰিয়তে গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে কেমব্ৰিজ এনালাইটিকাৰ সহায় লোৱাৰ বুলি অভিযোগ তুলিছিল৷ 

কংগ্ৰেছে এই অভিযোগক খণ্ডন কৰি ব্ৰিটিছ এনালাইটিকাৰ সৈতে সম্পৰ্ক ৰখা ভাৰতৰ ‘অবেলেনো বিজিনেছ ইণ্টেলিজেঞ্চ’ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবনে বুলি প্ৰশ্ন কৰে বিজেপিক৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে ফেচবুক ব্যৱহাৰকাৰীৰ ডাটা চুৰি সন্দৰ্ভত কেমব্ৰিজ এনালাইটিকালৈ পত্ৰ প্ৰেৰণৰ যোগেদি ৩১ মাৰ্চৰ ভিতৰত বিষয়টোৰ সত্যাসত্য বিচাৰিছে৷