ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত পুনৰ ৰেল দুৰ্ঘটনা৷ লোহাৰ লাইন সংকুচিত হোৱাত লাইনৰ পৰা বাগৰি পৰে ভাস্কো দা গামা-পাটনা এক্সপ্রেচ ৰেল গাড়ী খন৷ শুকুৰবাৰে পূৱা ৪.১৮ বজাত মানিকপুৰৰ ওচৰত পাটনা এক্সপ্রেচ খনৰ তেৰটা দবা লাইনচ্যুত হয়৷ এই দুৰ্ঘটনাটোত ৩ জন লোকৰ মৃত্যু হয় আৰু ৭ জন লোক বোয়াকৈ আগাটপ্ৰাপ্ত হয়৷
মৃত তিনিজনৰ ভিতৰত বৰ্তমানলৈ দুজনৰহে চিনাক্ত কৰিব পৰা গৈছে৷ তাৰে এজন বেতিয়াৰ বাসিন্দা ৰাম স্বৰূপ আৰু আনজন দীপক পাটেল৷
উল্লেখ্য যে, সঘনাই উত্তৰ প্ৰদেশত হৈ থকা ৰেল দুৰ্ঘটনা সমুহৰ প্ৰধান কাৰণ ৰেলৰ লাইনৰ সংকুচন আৰু প্ৰসাৰণ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ উত্তৰ প্ৰদেশ চৰকাৰে এক বৈজ্ঞানীক অভিনৱ পদ্ধতিও গ্ৰহন কৰিছে ইতিমধ্যে৷ কিন্তু কাৰ্যকৰী হৈ উঠা নাই এতিয়াও৷