কাজলগাঁওঃ ঘোষিত কাৰ্যসূচী অনুযায়ী চিৰাং জিলাৰ বাসুগাঁও চহৰৰ বাসুগাঁও ৰেল ষ্টেচনত পুৱাৰে পৰা ৰেলপথ অৱৰোধ কৰিছে আক্ৰাছুৱে৷

কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু কোচৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে সংগঠনটোৱে৷

অৱৰোধৰ সময়ত কে‘বা সহস্ৰাধিক পিকেটাৰে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলিছে বাসুগাওঁ ৰেল ষ্টেচন৷

উল্লেখ্য যে এই ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰেল কৰ্তৃপক্ষই আগতীয়াকৈ কেইবাখনো যাত্ৰীবাহী ৰেল বাতিল কৰে৷

পুৱা পাঁচ বজাৰে পৰা বাসুগাঁও ৰেল ষ্টেচনত ৰেলপথ অৱৰোধ অব্যাহত ৰখাত দুৰ্ভোগ ভূগিবলগীয়াত পৰিছে যাত্ৰীসকলে।

⇒ More Details Awainting....