newsnextone.com | ডিজিটেল ডেস্কঃ বতৰ বিভাগে ৭ জুনৰ পৰা ১২ জুনলৈ মুম্বাই সহ মহাৰাষ্ট্ৰৰ ৬ খন জিলাত প্ৰচণ্ড বৰষুণৰ আশংকা কৰি জিলা কেইখনৰ নিৱাসীক এই দিনকেইটাত ঘৰৰ পৰা বাহিৰ নোলাবলৈ সতৰ্ক কৰি দিছে৷
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰায় ৭৫ শতাংশতকৈ অধিক বতৰ কেন্দ্ৰই দক্ষিণ কংকোণ আৰু গোৱা ক্ষেত্ৰত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ আনহাতে বুধবাৰৰ পৰা মুম্বাইত কম পৰিমাণে হৈ থকা বৰিষুণে আজি ধাৰাসাৰ ৰূপ ধাৰণ কৰাত মুম্বাইৰ কেইবাটাও অঞ্চলৰ মূল পথ কৃত্ৰিম বানত ডুব যায়৷
ইফালে মুষলধাৰ বৰষুণৰ বাবে সতৰ্ক কৰি দি বিএমচিয়ে শনিবাৰ আৰু দেওবাৰে সকলো কৰ্মচাৰীৰ চুটি প্ৰদান কৰিছে৷
মুম্বাইত বৰষুণৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা কৰি বতৰ বিভাগে চহৰখনত এডভাইজৰী জাৰি কৰিছে৷ আইএমডিৰ দ্বাৰা জাৰি কৰা এডভাইজৰীৰ মতে বতৰৰ পৰিৱৰ্তনৰ বাবে দুই এদিনৰ ভিতৰত মুম্বাইত পুনৰ মুষলধাৰ বৰষুণ হ’ব পাৰে৷ বিশেষকৈ ১০ আৰু ১১ জুনত চহৰখনত বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷
লগতে এডভাইজৰীত লিখা হৈছে, ‘ধাৰাসাৰ বৰষুণৰ পুৰ্ব অনুমানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি চহৰখনৰ খনৰ বাসিন্দা সকলক সতৰ্ক কৰি দিয়া হয় যে বৰষুণৰ দিন কেইটাত যাতে ঘৰৰ পৰা পৰাপক্ষত বাহিৰলৈ নোলায় আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ বিষয়ক বা-বাতৰি যাতে লৈ থাকে৷’
আনহাতে মহাৰাষ্ট্ৰৰ মৰাঠৱাৰা আৰু বিদৰ্ভৰল কিছু কিছু অংশতো বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বৰষুণৰ প্ৰাবল্য বৃদ্ধি পাব বুলি সংকেত দিছে বতৰ বিভাগে৷