ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত চলচিত্ৰ অভিনেতাসকলৰ জনপ্ৰিয়তা সদায় তুংগত থকাটো কোনো নতুন কথা নহয়৷ তাৰে মাজত যদি সেয়া আকৌ ৰজনীকান্ত নতুবা কামাল হাছানৰ দৰে অভিনেতা হয় তেতিয়া কথাই সুকীয়া ৷ অভিনেতাই যদি ৰাজনীতিত পদাৰ্পন কৰে তেনেহলে দক্ষিণ ভাৰতৰ দৰে ঠাইত অন্য কোনো দলৰ যে স্থিতি কি হ’ব সেয়া সহজে অনুমেয়৷
ইফালে বহু দিনৰ জল্পনা কল্পনা চলি আহিছিল অভিনেতাৰ ৰাজনীতিত প্ৰৱেশৰ কথা৷ অৱশেষত নিজেই সকলোৰে সন্মুখত ঘোষনা কৰিলে অভিনেতা ৰজনীকান্তে ৰাজনীতিলৈ অহাৰ কথা ৷ সেয়াও আকৌ ‘শিবাজি’ আন্দাজত৷ নতুন বছৰৰ চমক সৃষ্টিৰে নতুন দল গঠন কৰি ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে আপোনাৰ আৰু মোৰ সকলোৰে চিনাকি মুখ দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্ত৷ অহা বিধানসভা নিৰ্বাচনতেই তামিলনাডুৰ সকলো সমষ্টিত তেওঁৰ নেতৃত্বত নতুন দলটোৱে প্ৰতিন্দিতা কৰিব বুলি জনা গৈছে ৷
ৰজনীকান্তৰ ৰাজনীতিত অহাৰ চৰ্চা দীৰ্ঘদিনৰ৷ এইবাৰ সেই অপ-প্ৰচাৰক সচা বুলি সকলো 'ফেন’ৰ সন্মুখত ঘোষনা কৰিলে অভিনেতা জনে৷ ইফালে ৰজনীকান্তৰ এই ঘোষনাৰ পিছত চছিয়াল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে। আনহাতে এইবাৰ জল্পনা-কল্পনা আৰম্ভ হৈছে দক্ষিণৰ আন এজন চুপাৰষ্টাৰ কামাল হাছানক লৈ। তেওঁ ৰজনীকান্তৰ লগতে দলত যোগ দিব নে অন্য কোনো দলৰ লগত যুক্ত হ’ব তাক লৈয়ো বিভিন্ন প্ৰশ্নৰ অৱতাৰনা হৈছে। নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বে ৰজনীকান্তৰ চমকত আপ্লুত অনুৰাগীসকল ইতিমধ্যে অভিনেতাজনৰ ঘৰৰ সন্মুখত ভিৰ কৰা পৰিলক্ষিত হৈছে।