ডিজিটেল ডেস্কঃ ওৰেটো জীৱন স্নেহৰ বন্ধনৰে সুৰক্ষা প্ৰদানৰ কামনাৰে আজি ভাৰতীয় নাৰীকুলে ভাতৃক পিন্ধাইছে ৰাখী। পৱিত্ৰ উছৱৰ ক্ষণত সম্প্ৰতি উখল-মাখল দেশৰ চৌদিশ।

এই বৰ্ষৰ ৰাখীবন্ধনৰ আছে একাধিক সুকীয়া বৈশিষ্ট। জ্যোতিষীৰ গণনা অনুসৰি দিনৰ ১১.০৫ বজাৰ বজাৰ পৰা আৰম্ভ হৈছে ভদ্ৰা যোগ। ক্ষণ আৰম্ভ হৈছে সূতকৰো।

এই পৱিত্ৰ যুগলবন্দী চলি থাকিব দিনৰ ১.৫২ বজালৈ। ভদ্ৰা যোগ আৰু সূতকৰ সময়খিনিতে ভগ্নীয়ে ভাতৃক পিন্ধাব লাগিব ৰাখী। এইবেলি ২.৪৭ ঘণ্টাহে ৰাখীৰ ক্ষণ পৰিছে।

আনহাতে শাওণ মাহৰ সোমবাৰৰ বাবে ধৰ্মীয় গুৰুত্বও বাঢ়িছে এইবৰ্ষৰ ৰাখীবন্ধনৰ। পৱিত্ৰ উছৱৰ উপলক্ষত সীমান্তত কৰ্মৰত জোৱানক ৰাখী পিন্ধাইছে মহিলাই।