মঙলদৈঃ কাম সম্পুৰ্ণ হোৱা-নোহোৱাৰ খতিয়ান মন্ত্ৰী-বিধায়কে ৰাখক বা নাৰাখক, উদ্বোধনী অনু্‌ষ্ঠানত ঠিকেই উপস্থিত হ’ল মঙলদৈৰ সাংসদ ৰমেন ডেকাই। মঙলদৈ চহৰখনৰ মাজমজিয়াত থকা চুপহি নামৰ উদ্যান এখন নিৰ্মাণ কৰা হৈছিল মঙলদৈৰ গুৰুজ্যোতি দাসৰ বিধায়ক পুঁজিৰপৰা।

মঙলদৈৰ মাজমজিয়াতে ১৩ লক্ষাধিক ধনৰ বিনিময়ত চলা নিৰ্মাণ কাৰ্য শেষ কৰিব নোৱাৰিলেও উদ্যানখন উদ্ধোধন কৰিলে সাংসদ ৰমেন ডেকাই। পৰৰ পিঠাৰে বিহু খেদি পৰম তৃপ্তি লাভ কৰা বুলি স্থানীয় ৰাইজে কোৱামতে সাংসদ ৰমেন ডেকাই ধুমকেতুৰ লেখীয়াকৈ আৱিৰ্ভাৱ হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

উদ্যানখনৰ গাতে লাগি থকা প্ৰায় ২০০ বছৰ পুৰণি ঐতিহাসিক পুখুৰীতো সৌন্দৰ্য্য বৰ্ধনৰ কাৰণে বিধায়ক উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ আৰম্ভ কৰিছিল প্ৰায় এবছৰ বছৰ পূৰ্বেই। কিন্তু এতিয়াও সম্পুৰ্ণ কাম শেষ নকৰাকৈয়ে উদ্যানখন উদ্ধোধন কৰা কাৰ্যই সকলোকে ক্ষোভিত কৰিছে।

ৰাইজৰ অভাৱ-অভিযোগ দেখা নোপোৱা বুলি সাংসদগৰাকীক পিছে উদ্যানখন মুকলি কৰি পৰম তৃপ্তি লাভ কৰাও দেখা গ’ল। বিগত আঠ বছৰে দৰঙত কোনো উল্লেখযোগ্য কাম নকৰা¸ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধুমকেতুৰ দৰে আবিৰ্ভাৱ হোৱা বুলি অভিযোগ উত্থাপিত হোৱা সাংসদ ডেকাই মঙলদৈত তহল দি দুই-এটা টুলুঙা কথা কৈয়ে দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।