ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমিপৰ ধুহিবালাত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড। যাৰ ফলত উত্তেজিত ৰাইজে হত্যাকাৰীৰ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰি পেলোৱাৰ উপৰিও এখন চাৰিচকীয়া বাহন আৰু দুখন বাইক জ্বলাই দিয়ে। উত্তেজিত ৰাইজে আনকি হত্যাকৰীক আশ্ৰয় দিয়া আন এটা পৰিয়ালৰো ঘৰত অগ্নি সংযোগ কৰে। 

ঘটনাৰ বিষয়ে জানিব পৰা মতে দুদিন পূৰ্বে ধুহি গোৰবালাত দুটা পৰিয়ালৰ মাজত পাৰিবাৰিক সংঘাট হৈছিল। এই সংঘাটৰ সময়ত ধুহিৰ বাপধন আলী নামৰ এজন ব্যক্তি উপস্থিত থকা হেতুকে বিষয়টো হস্তক্ষেপ কৰি কাজিয়াখন ভাঙি দিছিল। এইলৈ এটা পৰিয়ালৰ মহিলা এগৰাকীয়ে পথত আগুৰি বাপধন নামৰ ব্যক্তিজনক মাৰধৰ কৰে। বাপধন নামৰ ব্যক্তিগৰাকীয়ে সামাজিক দায়িত্ব বুজি কাজিয়াখন ভাঙি দিয়াৰ পিচত কোনো কাৰণ নোহোৱাকৈ এনেদৰে মহিলা গৰাকীয়ে মাৰধৰ কৰাত বাপধনে অঞ্চলটোৰ মছজিদ সমিতিক এখন বিচাৰ দিয়ে। 

মছজিদ সমিতিয়ে যোৱা নিশা প্ৰায় ৮ মান বজাৰপৰা আৰম্ভ কৰা বিচাৰখনত আঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। ঠিক তেনেদৰে বাপধন আলীৰ পৰিয়ালৰ লগতে বাপধন আলীৰ খুলশালিয়েক আচিফ আলীও উপস্থিত থাকে। বিচাৰ অব্যাহত থকা সময়তে দুয়ো পক্ষই মতামত ৰখাৰ কিছু মূহুৰ্তৰ পিচতে বাপধন আলীক প্ৰহাৰ কৰা পৰিয়ালটোৰ ইছলাম আলী, ভাতৃ আবুল আলী উত্তেজিত হৈ পৰে। লগে লগে আবুল আলী নামৰ ব্যক্তিজনৰ পুত্ৰ ৰিজুল আলী ওৰফে ক'লায়ে লগত নিয়া চুৰি এখনৰে বাপধন আলীৰ খুলশালিয়েক আচিফ আলী (২২)ক ছুৰিৰে আক্ৰমণ কৰি পলায়ন কৰে। 

লগে লগে আচিফ নামৰ যুৱকজন ঘটনাস্থলীতে ঢলি পৰে। ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ অনাৰ পিচত জি এম চি এইচলৈ নিয়া হয় যদিও পথতে আচিফে মৃত্যুক সাবতি লয়। যুৱকজনৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে অঞ্চলটোৰ ৰাইজ উত্তেজিত হৈ পৰি হত্যাকাৰী ৰিজুলৰ ঘৰ লণ্ড ভণ্ড কৰে। ঘটনাৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীৰ বৃহৎ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও পুৱাৰ ভাগলৈ পৰিস্থিতি উত্তেজিত হৈ থাকে। পুৱাৰ ভাগত উত্তেজিত ৰাইজে পুনৰ হত্যাকাৰীৰ ঘৰত থকা এখন চাৰিচকীয়া বাহনৰ লগতে দুখন বাইক জ্বলাই দিয়ে। ইফালে, উক্ত অঞ্চলৰে বোবাইল জোনাব বুলি খ্যাত হুছেইন আহমেদ নামৰ ব্যক্তি এজনে হত্যাকাৰীৰ পৰিয়ালটোক নিশা আশ্ৰয়দি পুৱতী নিশা পলোৱাই পঠাই বুলি অঞ্চলটোৰ ৰাইজে জানিব পাৰি হুচেইন আলীৰ ঘৰত আক্ৰমণ কৰে। 

আলীৰ পৰিয়ালে আগতিয়াকৈ সম্ভেদ পাই পলায়ন কৰে যদিও ৰাইজে দুটাকৈ ঘৰ জ্বলাই ভস্মীভূত কৰে। এই লৈ সমগ্ৰ ধুহি অঞ্চল এক উত্তেজনা সৃষ্টি কৰি আছে যদিও আৰক্ষী প্ৰশাসন আৰু মহকুমা প্ৰশাসনৰ লগতে স্থানীয় একাংশ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত এখন শান্তি সমিতি গঠন কৰা হয়। বাতৰি লিখা সময়লৈ অঞ্চলটোত উত্তেজনা বিৰাজ কৰি আছে। ৰঙিয়া মহকুমা আৰক্ষীয়ে মুল অভিযুক্ত ৰিজুল আলী, পিতৃ আবুল আলী আৰু হত্যাকাৰীৰ বৰদেউতাক ইছলাম আলীৰ লগতে পৰিয়ালৰ আন কেইবাজনো সদস্যক আটক কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। স্থানীয় ব্যক্তি সকলে জানিবলৈ দিয়ামতে হত্যাকাৰী পৰিয়ালটো পুৰ্বৰপৰা নানা অপৰাধজনিত ঘটনাৰ লগত জড়িত। ইফালে, সন্ধিয়াৰ ভাগত কঠোৰ নিৰাপত্তাৰ মাজত মৃত যুৱকজনৰ জানাজা সম্পুৰ্ণ কৰা হয়।