ৰঙিয়াঃ ৰঙিয়া তিনিআলিৰ সমীপৰ জ্যোতিনগৰত সোমবাৰে নিশা প্ৰায় ৭ বজাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত দুটা পৰিয়ালৰ সকলো সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে এটা পৰিয়াল আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়।
অগ্নিকাণ্ডৰ ফলত এজনী গাভিনী গৰু জীৱন্তে অগ্নিদগ্ধ হয়। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া আৰু বাইহাটা চাৰিআলিৰপৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰাত ওচৰ-পাজৰৰ কমেও ৩০ টা পৰিয়াল নিশ্চিত ধ্বংসৰপৰা কথামপি ৰক্ষা পৰে।
স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ৰঙিয়া জ্যোতি নগৰৰ অজিত শৰ্মাই গোহালি ঘৰত ধোঁৱা দি বজাৰলৈ যায়। ইতিমধ্যে তেওঁৰ পত্নী আৰু কন্যাইও বিশেষ কামত ওলাই যায়। হঠাৎ জুইৰ লেলিহান শিখাই গোহালি ঘৰসহ অঞ্চলটো আগুৰি ধৰাত হাহাকাৰৰ সৃষ্টি হয়।
লগে লগে ওচৰ-চুবুৰীয়া ওলাই আহি জুই নুমুৱাত ব্যস্ত হৈ পৰে। ইতিমধ্যে সময় মতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিয়ন্ত্ৰণ কৰাত বৃহত্তৰ অঞ্চলটোৰ বহু পৰিয়াল ৰক্ষা পৰে।
অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত অজিত শৰ্মাৰ ঘৰত ভাড়াতীয়া হিচাপে থকা টেম্পো চালক উজ্জ্বল সৰকাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ী পৰিতোষ দেৱনাথৰ ঘৰসহ সকলো সা-সম্পত্তি জুইত জাহ যায়। ফলত পৰিয়াল দুটা মাৰাত্মক সংকটৰ সন্মুখীন হয়।