ডিজিটাল ডেস্কঃ মধ্য প্ৰদেশত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা। গণধর্ষণৰ ঘটনাৰ পিছতে ক্ষোভিত হৈ পৰিছে ভোপালৰ ৰাইজ। UPSCৰ পৰীক্ষাৰ প্রস্তুতি চলাই থকা ১৯ বছৰীয়া এগৰাকী ত্ৰীৰ জীৱনলৈ হঠাতে কাল ধুমুহা নামি অহাত ক্ষোভিত হৈ পৰিছে ভোপালৰ লোক ৷
ৰাজপথৰ ব্যস্ত এখন উৰণীয়া সেতুৰ তলত চাৰি নৰপিশাচৰ কামনাৰ বলি হয় মেধাৱী ছাত্ৰী৷ কলেজ ছাত্রীগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, চাৰিজন লোকে সমবেত হৈ তাইক আৱদ্ধ কৰি কেইবাঘন্টা ধৰি যৌন নিৰ্যাতন চলাই বুলি ভয়াবহ স্মৃতি ৰোমন্থন কৰে।
অত্যাচাৰৰ অন্তত ছাত্ৰী গৰাকীক মুকলি কৰি দিয়াৰ পিছত পৰিয়ালৰ লোকে আৰক্ষীক অভিযোগ দিবলৈ যায় যদিও আৰক্ষীয়ে অভিোগ লবলৈ অস্বীকাৰ কৰে । GRP-ৰ এগৰাকী বিষয়াই ঘটনাক মনেসজা চিনেমাৰ গল্প কোৱা বুলি হাঁহি উৰুৱাই দিয়ে ঘটনাক।
আশ্চৰ্যকৰ বিষয়, যুৱতীগৰাকীৰ পিতৃ-মাতৃ দুয়োজনেই আৰক্ষীৰ চাকৰি কৰে। পিতৃ সহ-পৰিদৰ্শক হোৱাৰ লগতে আৰু মাতৃ চিআইডিৰ বিষয়া। আৰক্ষীয়ে পিতৃ-মাতৃৰ কথা অৱগত হোৱাৰ পিছতহে অভিযোগ লবলৈ বাধ্য হয়। ঘটনা পোহৰলৈ অহাৰ পিছত এমপি নগৰ আৰক্ষী থানাৰ সহ-পৰিদৰ্শক আৰএন টেকামক চাকৰিৰ পৰা বৰ্খাস্ত কৰে উত্তৰ প্ৰদেশৰ গৃহ বিভাগে।
মহিলা সুৰক্ষাৰ ক্ষেত্ৰত গর্বিত ভোপালত ভয়াবহ গণধর্ষণৰ ঘটনাই চিন্তিত কৰি কৰিলে সচেতন নাগৰিকক। যি স্থানত ঘটনা সংঘটিত হৈছে সমীপত ব্যস্ত পথ আৰু ৰেলপথ আছে। ১০০ মিটাৰ দূৰত্বত হাবিবগঞ্জ ষ্টেছন আৰু মাত্র ৫০ মিটাৰ দূৰত্বত RPFৰ চকী আছে।