গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ পৰা মানুহগৰাকী ক’লৈ গ’ল৷ এই খবৰ কাৰোৰে হাতত নাই৷ পৰিয়ালৰ হাতত নাই, ৰাজ্যৰ বিয়াগোম প্ৰশাসনৰ হাতত নাই৷ প্ৰতিদিনৰ দৰে তেওঁ পুৱাই ওলাই আহিছিল প্ৰাতঃভ্ৰমণৰ বাবে৷ কিন্তু সেই পুৱাটোৰ পৰাই মানুহজনৰ কোনো সন্ধান নাই৷ মানুহজন ক’লৈ গ’ল তাৰ কোনো সম্ভেদ নাই কাৰোৰে হাতত৷ 

নিৰুদ্দেশ হোৱা লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় নেকি ৰাজ্যৰ বিয়াগোম প্ৰশাসনে৷ সঁচাকৈ এগৰাকী লোক এনেকৈয়ে নোহোৱা হৈ থাকিব পাৰেনে৷ কোনো ষড়যন্ত্ৰৰ বলি হ’ল নেকি মানুহজন৷ কোনো শক্তিয়ে বন্দী কৰিলে মানুহগৰাকীক৷ এতিয়া এনেবোৰ চিন্তাৰ উদ্ৰেক হ’ব ধৰিছে ৰাজ্যৰ মানুহৰ মনত৷ সংবাদ মাধ্যমত প্ৰচাৰ নোহোৱাকৈ অসমৰ বুকুৰ পৰা মানুহ এনেকৈ নোহোৱা হৈ থাকে নেকি বুলিও মানুহে ভাবিব ধৰিছে৷

ৰাজ্যত সঁচাকৈ মানুহৰ নিৰাপত্তা নোহোৱা হৈছে নেকি? মানুহ ঘৰৰ পৰা ওলাই গৈ উভতি অহাৰ নিশ্চয়তা নোহোৱা হৈছে নেকি৷ যদি তেনে হৈছে গাঁৱৰ মানুহক কোনে নিৰাপত্তা দিব৷ বিভিন্ন অপশক্তিৰ পৰা কোনে ৰক্ষা কৰিব অসমৰ সাধাৰণ ৰাইজক৷

উগ্ৰপন্থীৰ ধনদাবী-আক্ৰমণৰ পৰা গাঁৱৰ লোকক কোনে সুৰক্ষা দিব৷ কিয়নো গাঁও খনৰ পৰা আৰক্ষী থানা খন থাকে প্ৰায় ১৫-২০ কিঃ মিঃ নিলগত৷ এক কথাত কবলৈ গলে যোৱা প্ৰায় ৪টা দশক অসমৰ ৰাইজ মৰণক শৰণ কৰি জীয়াই আছে৷ নিতৌ উগ্ৰপন্থীৰ আক্ৰমণ, অপহৰণ, বানপানী আদিত শ-শ লোকে মৃত্যুক আকোৱালি লৈছে৷ 

কোৱা বাহুল্য জকাইচুকত নহয় এইবাৰ খোদ গুৱাহাটী মহানগৰীতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ উত্থাপন হৈছে বৃহৎ প্ৰশ্ন৷ ৰাজ্যখনৰ ৰাজধানী মহানগৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, মন্ত্ৰী-বিধায়ক, বিয়াগোমা আমোলাসকলে বসবাস কৰে৷ যাৰ ফলত ২৪ ঘণ্টাই অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ কেইবাটাও বিভাগ সক্ৰিয় হৈ থাকে৷ কিন্তু এই খন মহানগৰীতে যোৱা ১১ দিনে এগৰাকী লোক নিৰুদ্দেশ হৈ থকাৰ পিছতো কোনো ধৰণৰ তথ্য নাই অসম আৰক্ষী তথা গৃহ বিভাগৰ হাতত৷ 

ৰাজ্য খনৰ আগশাৰীৰ নাগৰিকৰ যোৱা ২২ এপ্ৰিলৰ পৰা কোনো ধৰণৰ শুংসুত্ৰ নাই৷ সাধাৰণ ঠেলাৱালা, ৰিক্সাৱালা, শ্ৰমিক-মজদুৰৰ সুৰক্ষাৰ কি অৱস্থা হ’ব পাৰে মহানগৰীত এবাৰ ভাবিলে বুকু কঁপি উঠিব৷   

পিচিজিৰ অন্যতম সদস্য ৰাজ্যৰ অন্যতম ফুটবল খেলুৱৈ ৰেৱতী ফুকন যোৱা ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়৷ পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এতিয়া ফুকনৰ পৰিয়ালে চিন্তাত দিন পাৰ কৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমানলৈ কোনো শুংসূত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীয়ে৷

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকে জনোৱা মতে বিগত দুদিন ধৰি অৰ্থাৎ ২২ এপ্ৰিলৰ পৰা পিতৃৰ মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে। তিনিচুকীয়াৰ পৰা ২৪ এপ্ৰিলৰ পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰে৷ 

আনহাতে যোৱা কেইবাটাও দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয় সংগঠনে পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যোৱা ১৪টা দিনে খোদ ৰাজ্যৰ ৰাজধানীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰাত মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে ক্ষোভিত হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে৷ 

বিশেষকৈ চৰকাৰৰ গৃহ বিভাগ লজ্জাজনক ভাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ৩০ এপ্ৰিলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাত মটক জনগোষ্ঠীৰ তিনি সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰেৱতী ফুকনৰ সন্ধান উলিয়াবৰ বাবে দাবী জনায়৷ সদৌ অসম মটক সন্মিলন, মটক যুৱ-ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদে ৰাজপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰণি গোহাঁইয়ে কয় ‘‘ৰেৱতী ফুকনৰ সন্ধান হোৱাত বিভিন্ন মহলত চৰ্চা চলিছে৷ পূৰ্বৰ গুপ্তহত্যাৰ দৰেই ঘটনা হ’ব পাৰে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো৷ তেখেত লোকে স্মাৰ্ট পুলিচৰ কথা কয়৷ স্মাৰ্ট পুলিচৰ কথা কোৱা গুৱাহাটী মহানগৰ পুলিচে এজন লোকৰ সন্ধান উলিয়াব নোৱাৰাতোই স্মাৰ্ট পুলিচৰ চূড়ান্ত ব্যৰ্থতা৷’’