ডিজিটেল ডেস্কঃ  ভাড়া বাঢ়িলেও সমানে বাঢ়িছে বিমানৰ যাত্ৰী৷ চলিত বছৰৰ অক্টোবৰ মাহত সকলো ৰেকৰ্ড ভংগ কৰিলে বিমান যাত্ৰীয়ে৷ ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনৰ তথ্য মতে অক্টোবৰ মাহতেই কেৱল  ১ কোটি ৪ লাখ মানুহে দেশীয় বিমানত যাত্ৰা কৰে৷ পূৰ্বে ছেপ্তেম্বৰ মাহত ১ কোটি ১ লাখ মানুহে বিমানে যাত্রা কৰিছিল।

বিগত বছৰত একে সময়তে দেশীয় বিমানৰ যাত্রী সংখ্যা আছিল ৮৬ লাখ ৭০ হাজাৰ। পূৰ্বৰ তুলনাত চলিত বৰ্ষত যাত্রীৰ সংখ্যা বৃদ্ধি হয় ২০.৫%। ২০১৭ চনৰ জানুৱাৰী পৰা অক্টোবৰ মাহ পর্যন্ত দেশীয় বিমানৰ যাত্রী সংখ্যা আছিল মুঠ ৯ কোটি ৫০ লাখ। বিগত বছৰত একে সময়ত এই সংখ্যা আছিল ৮ কোটি ১০ লাখ। যাত্রীৰ সংখ্যা এই হঠাত্‍ বৃদ্ধিৰ প্রধান কাৰণেই হল বেছিভাগ এয়াৰ লাইনে বিভিন্ন কাৰণত ৰেহাই দিয়া আৰম্ভ কৰে।  

ট্রেভেল পোর্টেল যাত্রাৰ চিইঅ শৰত্‍ ঢালে জনাই যে, তেওঁলোকে আশা কৰিছে বৰদিন আৰু নতুন বছৰত যাত্রীৰ সংখ্যা আৰু বৃদ্ধি হ'ব। বিভিন্ন এয়াৰলাইনে বিভিন্ন পথত বিমানৰ সংখ্যাও বঢ়াইছে।