ডিজিটেল ডেক্সঃ সংবাদ মাধ্যমত ৰাজীৱ গান্ধীৰ হত্যা কাণ্ড আকৌ এবাৰ চৰ্চিত বিষয় হৈ পৰিছে৷ তেখেতৰ হত্যা কাণ্ডৰ লগত জড়িত থকা নলিনী শ্ৰীহৰনে নিজৰ পুত্ৰীৰ বিয়াৰ বাবে জামিন ল’বলৈ বিচৰা নীতিবাক্য পুনৰ ঘূৰাই লোৱাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পায়ছে৷ এই বিষয়ত আপত্তি নকৰা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীকো নলিনীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ লগতে নলিনীয়ে ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছে মুক্ত হ’ব বুলি৷

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জয়ললিতাই ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত থকা লোকক জেলৰ পৰা ৰিহা কৰাৰ বিষয়ত সন্মতি প্ৰদান কৰিছিল৷ অাৰোপী নলিনীয়ে নিজৰ জীয়েকক শীৰ্ঘ্ৰে মুক্ত হ’ব বুলি আশ্বাস দিয়ে যাৰ বাবে তামিলনাডু চৰকাৰে এই ক্ষেত্ৰত সকাৰাত্মক সংকেত দিয়া বুলি উমান ল’ব পৰা গৈছে৷

যোৱা শুকুৰবাৰে উচ্চ ন্যায়ালয়ে তামিলনাডুৰ ৰাজ্যপালক অন্যতম দোষী পেৰাৰীৱলনৰ দয়া মঞ্জুৰীৰ আবেদনৰ বিষয়ত বিচাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷ এই বিষয়ত তামিলনাডুৰ আইন মন্ত্ৰী চিবি শনমূগমে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

অম্মা(জয়ললিতা)ই কোৱাৰ দৰে অভিযুক্তকেইজনক ৰিহা কৰি দিয়াটো তেখেত সন্মত প্ৰদান কৰে৷ এই বিষয়ৰ সন্দৰ্ভত তামিলনাডুৰ কংগ্ৰেছ কমিতিৰ অধ্যক্ষ চু তিৰুনাৱুককৰচৰে উচ্চ ন্যায়ালয়ৰ লগত সন্মতি প্ৰদান নকৰে৷ কিয়নো তামিলনাডুৰ মাটিত ৰাজীৱ গান্ধীৰ মৃত্যুৰ ঘটনাই এতিয়াও সকলোৰে অন্তৰত আঘাত দিয়ে বুলি কয় অধ্যক্ষ গৰাকীয়ে৷ পিছে তিৰুনাৱুককৰচৰে তেওঁৰ ব্যক্তিগত মন্তব্যহে সকলোৰে আগত প্ৰকাশ কৰে৷ আনহাতে এই সিদ্ধান্তৰ বাবে ৰাহুল গান্ধীয়ে কোনো ধৰণৰ আপত্তিজনক মন্তব্য আগনবঢ়াই সন্মতিহে প্ৰদান কৰে৷

উল্লেখযোগ্য যে পূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত থকা মুঠ ৭ জন লোক সন্মিলিত আছিল৷ মূৰুগন, পেৰাৰিৱলন, সন্তন, জয়কুমাৰ, ৰাবৰ্ট পায়স, ৰবিচন্দ্ৰন আৰু নলিনী শ্ৰীহৰণ যোৱা ২০ বছৰতকৈও অধিক সময় জেলত বন্দী হৈ আছে৷