কলিয়াবৰঃ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিবলৈ লাভ কৰিছে কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী। শনিবাৰে নিশা ডবকা আৰক্ষী থানাৰ অন্তৰ্গত নীলবাগানত অভিযান চলাই খড়্গ ব্যৱসায়ৰ সৈতে জড়িত ডন ৰহিমুদ্দিন নামৰ এজন লোকক আটক কৰিবলৈ সমৰ্থ হয় জখলাবন্ধা আৰক্ষী।
আটকাধীন ৰহিমুদ্দিনৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে জুৰীয়া থানাৰ অন্তৰ্গত কালিয়াডিঙ্গাৰ পৰা ইমান আলি আৰু দৰং জিলাৰ দলগাঁও ৰঙাগড়াৰ পৰা আব্দুল ৰচিদ নামৰ আন দুজন চোৰাং খড়্গ ব্যৱসায়ীক আটক কৰিছে।
খড়্গ ব্যৱসায়ী ইমান আলী আৰু আব্দুল ৰচিদে চোৰাং চিকাৰীৰ পৰা গঁড়ৰ খড়্গ ক্ৰয় কৰি ৰহিমুদ্দিনক বিক্ৰী কৰে বুলি ইতিমধ্যে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২০ পৰা ৩০ লাখ টকাত প্ৰতি কিলোগ্ৰাম খড়্গ ইমান আৰু ৰহিমে চোৰাং চিকাৰীৰ পৰা ক্ৰয় কৰি ৩০পৰা ৪০ লাখ টকাত ৰহিমুদ্দিনক বিক্ৰী কৰি আহিছিল।
আনহাতে খড়্গ ব্যৱসায়ী ডন ৰহিমুদ্দিনে ডিমাপুৰত পাইকাৰী দৰত সেয়া ৫০পৰা ৬০ লাখ টকাত বিক্ৰী কৰে।
আৰক্ষীৰ সোধ-পোছত স্বীকাৰ কৰা মতে, কাজিৰঙা ৰাঁষ্ট্ৰীয় উদ্যানৰ ৪টা, ওৰাং আৰু পবিতৰাৰ পৰা এটাকৈ মুঠ ৬টা গঁড়ৰ খড়্গ ইতিমধ্য ক্ৰয় কৰি ৰহিমুদ্দিনে ডিমাপুৰত বিক্ৰী কৰিছে। ডিমাপুৰৰ পৰা চোৰাচান্দপুৰৰ এটা বৃহৎ চক্ৰৰ জৰিয়তে ম্যানমাৰত খড়্গসমূহ বিক্ৰী হয় বুলিও জানিবলৈ দিছে আৰক্ষীয়ে।