গুৱাহাটীঃ অপ্সৰা মেনকাৰ গৰ্ভত শকুন্তলাৰ জন্ম হৈছিল। দেৱৰাজ ইন্দ্রই ঋষি বিশ্বামিত্রৰ ধ্যান ভংগ কৰিবলৈ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল মেনকাক৷ মেনকাই ধ্যান ভংগ কৰিবলৈ সক্ষম হৈছিল বিশ্বামিত্ৰৰ। সুন্দৰী, ৰূপ, লাৱণ্যৰ অধিকাৰী মেনকাৰ মোহে বিশ্বামিত্রক বিচলিত কৰে৷ বিশ্বমিত্ৰই সংযম হেৰাই ধ্যান ভংগ কৰাই নহয় মেনকাৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন কৰিবলৈ উদ্ধাউল হয়। অৱশেষত বিশ্বামিত্ৰই মেনকাৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ে৷

দীর্ঘকাল এনেদৰে সম্পৰ্ক কৰাত মেনকা গর্ভবতী হয়। মেনকাই জন্ম দিয়ে এটি কন্যা সন্তানৰ৷ আনহাতে কন্যাসন্তান জন্মৰ পিছতে ধ্যান ভংগৰ পূণ্যফল ক্ষয় হোৱাত ক্রুদ্ধ হৈ বিশ্বামিত্রই মেনকাক এৰি গুচি যায়। মেনকাই উপায়বিহীন হৈ কন্যাক বনত এৰি আহে৷ ঋষি কন্বই বনৰ চৰায়ে আৱৰি থকা অৱস্থাত মেনকাৰ কন্যাক উদ্ধাৰ কৰে। ঋষি কন্বই কন্যাৰ নামকৰণ কৰে শকুন্তলা বুলি।

শকুন্তলাক ঋষি কন্বই লালন পালন কৰে৷ দুস্মন্ত ৰজাৰ সৈতে শকুন্তলাই বিবাহপাশত আৱদ্ধ হয়৷ দুস্মন্ত ৰজাই পুনৰ ৰাজধানীলৈ উভতি যায়৷ যোৱাৰ সময়ত শকুন্তলাক দি থৈ যায় এটি আঙুঠি৷ ৰজা গুচি যোৱাৰ পাছৰে পৰা বছৰ বছৰ ধৰি দেখা-সাক্ষাৎ নোহোৱা হ’ল ৰজা দুস্মন্তৰ সৈতে৷ কিন্তু বছৰ বছৰৰ মূৰকত দুস্মন্ত ৰজাই সেই আঙুঠিটোৰ জৰিয়তে শকুন্তলাক পুনৰ বিচাৰি পায়৷ শকুন্তলাক পুনৰ কেনেকৈ পালে সেয়া নাটকৰ মাধ্যমেৰে উপস্থাপন কৰিলে গুণাকৰ দেৱ গোস্বামীয়ে৷

"দ্যা জাৰ্ণি অৱ দ্যা ৰিং" নামৰ নাটখনেৰে শকুন্তলাৰ আঙুঠিৰ কাহিনীৰ নিৰ্মোহ বিশ্লেষণ কৰে গোস্বামীয়ে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাটখন মঞ্চস্থ কৰি দৰ্শকৰ সহাৰি লাভ কৰি আহিছে৷ চৰ্চিত নাট "দ্যা জাৰ্ণি অৱ দ্যা ৰিং" শুকুৰবাৰে মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ কৰা হয়৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মঞ্চস্থ কৰা নাটখন শুকুৰবাৰে দুটা দৰ্শনী অনুষ্ঠিত কৰা হয়৷

নাটখন চাবলৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ শ শ লোকে ৰবীন্দ্ৰ ভৱনত উপস্থিত হৈ শকুন্তলাৰ হেৰোৱা আঙুঠিৰ ৰহস্যৰ সোৱাদ লয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অভিনেতাই অভিনয় কৰা নাটখন ব্যতিক্ৰমী সফল নাট বুলি কয় দৰ্শকে৷ অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ত আপ্লুত হৈ দৰ্শকে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজায় ৰবীন্দ্ৰ ভৱনত৷ একাংশ লোকে ৰাজ্যত নাটকৰ সমাদৰ হেৰুওৱা বুলি কৈ অহাৰ সময়তে "দ্যা জাৰ্ণি অৱ দ্যা ৰিং" নাটে প্ৰমাণ কৰিলে ৰাজ্যত নাটকৰ সমাদৰ কমা নাই৷