ডিজিটেল ডেস্কঃ প্ৰাতঃভ্ৰমণৰ সময়ত ৰাজপথতে গুলীবিদ্ধ হল লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ আৰ জে ডি নেতা। বিহাৰৰ দানাপুৰ অঞ্চলৰ ছুগনাৰ পথত আততায়ীয়ে নিধন কৰিলে কেডাৰ ৰায় নামৰ আৰ জে ডি নেতাজনক।

লালু প্ৰসাদ যাদৱৰ অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিচিত ৰায়ৰ হত্যাকাণ্ডক লৈ সৃষ্টি হৈছে খলকনিৰ। উপলব্ধ সম্ভেদ অনুসৰি আনদিনাৰ দৰে বৃহস্পতিবাৰেও ৰায় প্ৰাতঃভ্ৰমণৰ বাবে ওলাই গৈছিল।

আৰক্ষীৰ সন্দেহ মতে তেতিয়াৰে পৰা তেওঁক অনুসৰণ কৰিছিল ঘাতকে। ছেগ বুজি আততায়ীয়ে আৰ জে ডি নেতাজনক গুলীয়াই হত্যা কৰে।

এই ঘটনা ৰাজনৈতিক হত্যাকাণ্ড হিচাপে চৰ্চিত হৈছে। কিছুদিন পূৰ্বে লালু প্ৰসাদৰ দল বিহাৰৰ চৰকাৰৰ পৰা বাহিৰ হোৱাৰ পিছত সংঘটিত ঘটনাক লৈ তোলপাৰ লাগিছে বিহাৰ।

সম্প্ৰতি মৃতকৰ ঘৰত উপস্থিত হৈছে ৰাজনৈতিক নেতা। ইফালে লালুৱে ঘটনাটোৰ বাবে নীতিশ কুমাৰ আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰকে জগৰীয়া কৰিছে।