গুৱাহাটীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবীত আজি ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ সংগঠনটোৰ আহ্বানত ৰাজ্যৰ কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণকো নেওচি পুৱাই ৰাইজ ৰাজপথলৈ ওলাই আহি ঘাই পথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷

ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থাই প্ৰকৃততে বিকাশ, উন্নয়ন আৰু নিকা প্ৰশাসনৰ ঢাক-ঢোল বজাই থকা বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়া বুলি সংগঠনটোৱে প্ৰতিবাদস্থলীত ক্ষোভ প্ৰকাশ কৰে৷

৩৭নং, ৫২নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন জিলাৰ মাজেৰে পাৰ হৈ যোৱা প্ৰতিটো ঘাইপথেই জহি-খহি গৈ বৰ বৰ গাঁতৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰে সংগঠনটোৱে। প্ৰতিবাদস্থলীত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে চৰকাৰৰ অমনোযোগিতা আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিয়াগোম দুৰ্নীতি-কেলেংকাৰীৰ পৰিণতিত সাধাৰণ ৰাইজে এই যন্ত্ৰণা ভূগিবলগীয়া হৈছে উল্লেখ কৰি দিল্লীয়ে অসমৰ সমস্যাক সমস্যা হিচাপে নাভাবে বুলি কয়৷

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গুৰুত্ব দিয়াৰ লগতে শীঘ্ৰে ঘাই পথ মেৰামতিৰো দাবী জনাই সংগঠনটোৱে৷ অন্যথাই ভয়াৱহ আন্দোলনৰ সন্মুথীন হ’ব লাগিব বুলি কয় সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।

NNO চৰাইদেউঃ সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ চৰাইদেই জিলা সমিতিয়ে মৰাণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। শতাধিক সদস্যাৰ লগতে অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰঞ্জিত চাংমাইৰ লগতে ছাবিৰ আহেমদ আৰু দিগন্ত গগৈয়ে।

NNO ওৰাংঃ  চৰকাৰৰ প্ৰাথমিক দায়িত্ব দেশৰ জনসাধাৰণক মৌলিক সা-সুবিধা প্ৰদান তথা জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰা। কিন্তু জনসাধাৰণৰ সমস্যাসমূহৰ প্ৰতি পিঠি দি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন হলে চৰকাৰৰ টোপনি ভাঙিবলৈ ৰাজপথত চিঞৰিবলৈ বাধ্য হয় ৰাইজ। এই মন্তব্য যুৱ-ছাত্ৰ পৰিষদৰ ওৰাং জিলা সমিতিৰ। সমগ্ৰ ৰাজ্যৰ লগতে ওৰাঙতো জৰাজীৰ্ণ ঘাইপথ মেৰামতি কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওৰাং আঞ্চলিক সমিতিয়ে ওৰাং চাৰিআলিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ তিনিঘন্টা ধৰি অৱৰোধ কাৰ্যসূচী ৰূপায়ণৰ অন্তত ৰাজহ চক্ৰ বিষয়া পংকজ চমুৱাৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষক পথটো মেৰামতিৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে। কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক নব ঠাকুৰীয়া, কাৰ্যনিৰ্বাহক সদস্য নয়নজ্যোতি ডেকাৰ লগতে ওদালগুৰি জিলাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। 

NNO শিৱসাগৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ঘাইপথসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰাত আজি পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত কৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈকে চাৰিলেনযুক্ত ঘাইপথলৈ উন্নীতকৰণৰ কাম চলি আছে যদিও ঠিকাদাৰে শামুকীয়া গতিত নিৰ্মাণকাৰ্য চলাই যোৱাৰ লগতে মইমতালিৰে বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে সংগঠনটোৱে। যাৰ বাবে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে শিৱসাগৰ জিলা সমিতিয়ে আজি ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনায়৷

NNO কলিয়াবৰঃ অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ শাখাই আজি  নেৰানেপেৰা বৰষুণৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত টায়াৰ জ্বলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ  অৱৰোধ কৰে৷ সংগঠনটোৱে কলিয়াবৰ আৰু তেজপুৰ সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনায়৷

NNO মঙলদৈঃ ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ যাতায়তৰ বাবে অনুপযোগী হৈ পৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে ঘাইপথ মেৰামতিৰ দাবীত পথ অৱৰোধ কৰে৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ পুখুৰী সদৃশ গা’ত সমূহৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ তুলি যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। সাংসদ ৰমেন ডেকা মুৰ্দাবাদ, বিনন্দ শইকীয়া মুৰ্দাবাদ শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে সংগঠনটোৱে। সংগঠনটোৱে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰক স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।