মৰিগাওঁঃ মৰিগাঁও জিলা অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত মঙলবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয়। চোৰে কাৰ্যালয়ৰ ফাইলসমূহ লণ্ড-ভণ্ড কৰি পেলাই থৈ যায়। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

স্নীফাৰ ডগৰ সহায়ত  উচ্চস্তৰীয় আৰক্ষীৰ নেতৃত্বত  কাৰ্যালয়টোত অনুসন্ধান অব্যাহত আছে ৷ এই চুৰিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পৰা নাই আৰক্ষীয়ে ৷ কাৰ্য্যালয়টোৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে ঘটনাৰ আঁৰত দলীয় ক্ষোভ জড়িত হৈ আছে৷